ETV Bharat / bharat

গাজিয়াবাদত দ খাৱৈত বাগৰিল চুইফট, তিনিজন সন্ধানহীন

author img

By

Published : Aug 9, 2020, 12:22 AM IST

Car crashes into canal in Ghaziabad
গাজিয়াবাদত খালত পৰি দূৰ্ঘটনাত পতিত হ'ল এখন বাহন

উত্তৰ প্ৰদেশৰ গংগাৰ এটা খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত হ'ল এখন বাহন । বাহনত থকা চালকজনক উদ্ধাৰ কৰা হ'ল যদিও তিনিজন লোকৰ সন্ধানত চলিছে অভিযান ।

নিউজ ডেস্ক,৮ আগষ্ট: শুকুৰবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ গংগাৰ এটা খাৱৈত পৰি চাৰিজনকৈ যাত্ৰী কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাত পতিত হয় ।

আৰক্ষী বিষয়া নৰেশ সিঙে কয় যে, "নিশা প্ৰায় ১২ বজাত চাৰিজন যাত্ৰীৰে এখন ৰঙা ৰঙৰ চুইফট গাড়ী বাৰেলিৰ পৰা চণ্ডীগড় অভিমুখে গৈ থকা অৱস্থাত বাহনখন খালত বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । সেই সময়ত মই সেই অঞ্চলত থকা হেতুকে পানীৰ মাজৰ পৰা হাত বাউল দিয়া দেখিবলৈ পাই মই পানীত জাঁপ দি বাহনৰ চালক জনক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লো" ।

বাহন খনৰ চালক পংকজ নামৰ লোকজনে জানিবলৈ দিয়া মতে, বাহনখন চাৰ্ভিচ ৰোডেৰে গৈ থকা অৱস্থাত খাৱৈৰ ফালে গুচি যোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হ'ল । ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা অহা উদ্ধাৰকাৰী দল আৰক্ষীয়ে নিশাটো অভিযান চলালে যদিও পুৱালৈহে বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

নিশা সেই অঞ্চলত থকা আৰক্ষী বিষয়া নৰেশ সিঙে ক'লে, "পানীত বাগৰি পৰাৰ পূৰ্বে বাকী তিনিজন লোকক বাহনখনৰ পৰা ওলাই অহা দেখা পালো যদিও পৰৱৰ্তী সময়ত তেওঁলোকৰ এজনকো সেই স্থানত পোৱা নগ'ল। অৱশ্যে এই তিনি যাত্ৰীৰ সন্ধানত অভিযান অব্যাহত আছে ।"

লগতে পঢ়ক : কামাখ্যাত পানী টেংকাৰৰ চালকৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.