ETV Bharat / bharat

দিল্লীৰ নিৰ্বাচনী ইতিহাসৰ বিষয়ে কিছু তথ্য

author img

By

Published : Feb 7, 2020, 9:33 PM IST

দিল্লীৰ নিৰ্বাচনী ইতিহাসত 34 বছৰ বয়সত আটাইতকৈ কম বয়সৰ মুখ্যমন্ত্ৰী হিচাপে চৌধুৰী ব্ৰহ্ম প্ৰকাশে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বিপৰীতে, শীলা দীক্ষিতে আটাইতকৈ দীঘলীয়া সময়ৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াত দেশৰ ৰাজধানী দিল্লীৰ নিৰ্বাচনী ইতিহাসৰ বিষয়ে কেতবোৰ তথ্য উল্লেখ কৰা হ'ল ৷

দিল্লীৰ নিৰ্বাচনী ইতিহাস
দিল্লীৰ নিৰ্বাচনী ইতিহাস

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰীঃ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ চৌধাৰী ব্ৰহ্ম প্ৰকাশ, 34 বছৰ বয়সতে দিল্লীৰ আটাইতকৈ কম বয়সৰ মুখ্যমন্ত্ৰী হোৱাৰ লগতে, আম আদমীয়ে দল গঠনৰ পিচত আটাইতকৈ কম সময়ৰ ভিতৰত দিল্লীত চৰকাৰ গঠন কৰিছে ৷ ইয়াত বহুকেইটা স্বল্প পৰিচিত দিল্লী নিৰ্বাচনৰ ইতিহাস সম্পৰ্কীয় কিছু তথ্য দাঙি ধৰা হ'ল ৷

দিল্লীৰ ৰাজনৈতিক ইতিহাসত 7 গৰাকী মুখ্যমন্ত্ৰীয়ে শাসন কৰিছে ৷ চৌধুৰী ব্ৰহ্ম প্ৰকাশ দিল্লীৰ মুখ্যমন্ত্ৰী আছিল, যিয়ে 1952 চনৰ পৰা 1955 চনলৈ এই পদত অধিস্থিত আছিল ৷ তেওঁৰ সৈতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ সদস্য জি.এন সিঙো আছিল ৷ দিল্লীৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰীৰ ৰূপত তেওঁৰ কাৰ্যকাল 1955 ৰ পৰা 1956 চনলৈ কেৱল এবছৰৰ বাবেহে আছিল ৷ তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিচত এগৰাকী সাংসদীয় বিধেয়ক গৃহীত কৰা হৈছিল, যাৰ মাধ্যমত দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিণত কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত 1993 বৰ্ষৰ 1 জানুৱাৰীত কোনো লোককে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰা হোৱা নাছিল ৷

দিল্লীৰ নিৰ্বাচনী ইতিহাসৰ বিষয়ে কিছু তথ্য

দিল্লীৰ তৃতীয় তথা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নেতা মদল লাল খুৰানাই 1993 ৰ পৰা 1996 চনলৈ এই দায়িত্ব পালন কৰে ৷ তথ্য অনুসৰি মদন লাল খুৰানা কোনো দুৰ্নীতি সংক্ৰান্তীয় বিতৰ্কত জড়িত হোৱাৰ পিচত 1996 চনত সাহেব সিঙ বাৰ্মাই দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷

1998 চনত দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে সুষমা স্বৰাজে ৷ ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰৰ অন্যতম স্বনামধন্য ব্যক্তি স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰীত্ব পদ ত্যাগ কৰে ৷

1998 চনৰ 3 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত শীলা দীক্ষিত দিল্লীৰ দীৰ্ঘকালীন মুখ্যমন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰে ৷ তেওঁ 1999 চনৰ পৰা 2013 চনলৈ নিজৰ কাৰ্যকাল বৰ্তাই ৰাখে ৷

25,864 ভোটৰ ব্যৱধানত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে দায়িত্বত থকা শীলা দীক্ষিতক হৰুৱাই, আম আদমী পাৰ্টীৰ অৰবিন্দ কেজৰিৱালে 28 ডিচেম্বৰ 2013 ৰ পৰা 14 ডিচেম্বৰ 2014 চনলৈ 49 দিনৰ বাবে মুখ্যমন্ত্ৰীৰ ৰূপ অধিস্থিত হয় ৷ যাৰ পিচত পৰৱৰ্তী সময়ত দিল্লীত এবছৰ ৰাষ্ট্ৰপতি শাসন চলে ৷ 2015 চনত আম আদমী পাৰ্টীয়ে সৰ্বাধিক ভোট লাভ কৰে আৰু কেজৰিৱালে তেতিয়াৰে পৰা দিল্লীৰ বাবে বিশেষভাৱে কাম কৰি গৈছে ৷

Intro:Body:

blank 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.