ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে 1,200 কৰ্মচাৰীৰ সেৱা

author img

By

Published : Jul 11, 2020, 12:06 PM IST

এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে 1,200 কৰ্মচাৰীৰ সেৱা
এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে 1,200 কৰ্মচাৰীৰ সেৱা

এয়াৰ ইণ্ডিয়াই প্ৰতিষ্ঠানটোত সেৱা আগবঢ়াই থকা 1,200 কৰ্মচাৰী যাৰ ভিতৰত 190 গৰাকী বৈমানিকো আছে, তেওঁলোকৰ চাকৰিৰ সেৱা বাতিল কৰিছে ৷ প্ৰতিষ্ঠানটোৱে বিমান পৰিৱহন নীতিৰ দোহাই দি 55 বছৰ বয়সৰ ওপৰৰ কৰ্মীসকলক এইদৰে সেৱাৰ পৰা অব্যাহতি প্ৰদান কৰিছে ৷

নিউজ ডেস্ক, 11 জুলাই : শেহতীয়া নিৰাশাজনক বিমান পৰিৱহন অৱস্থাৰ দোহাই দি ভাৰতৰ চৰকাৰী বিমান পৰিৱহনকাৰী সংস্থা এয়াৰ ইণ্ডিয়াই চাকৰিৰ পৰা অব্যাহতি দিয়ে প্ৰায় 1,200 কৰ্মচাৰীক ৷ প্ৰশিক্ষাৰ্থী কেবিন ক্ৰিউ আৰু কেবিন ক্ৰিউৰ লগতে 190 গৰাকী প্ৰশিক্ষাৰ্থী বৈমানিক এইদৰে বিমান পৰিৱহন নীতিৰ দোহাই দি চাকৰিৰ পৰা অব্যাহতি দিয়ে দেশৰ চৰকাৰী বিমান পৰিৱহন সংস্থাটোৱে ৷

বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নতুনকৈ নিযুক্তিপ্ৰাপ্ত ক্ৰিউ আৰু প্ৰশিক্ষাৰ্থী বৈমানিকৰ চুক্তিকাল পাঁচ বছৰৰ পৰা এবছৰলৈ হ্ৰাস কৰাৰ সম্ভাৱনা আছে ৷ আনহাতে চাকৰিৰ পৰা অব্যাহতি দিয়া এইসকল কৰ্মচাৰীৰ বয়সৰ সীমা আছিল গড়ে 55 বছৰ, যাৰ ফলত বিমান পৰিৱহন নীতিৰ দোহাই দি এইদৰে চাকৰিৰ পৰা অব্যাহতি দিয়া হয় ৷

আনহাতে সংবাদমাধ্যমৰ আগত আহি পৰা এক পত্ৰত এগৰাকী প্ৰশিক্ষাৰ্থী কেবিন ক্ৰিউক এয়াৰ ইণ্ডিয়াৰ সৈতে কাম কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সংস্থাটোৱে বৰ্তমানৰ নিৰাশাজনক বিমান পৰিৱহন পৰিস্থিতিৰ কথা উল্লেখ কৰে আৰু তেওঁৰ পৰৱৰ্তী প্ৰশিক্ষণ বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰে ৷ 2019 চনৰ আগষ্ট মাহত চাকৰিত যোগদান কৰিছিল এইগৰাকী কৰ্মচাৰীয়ে ৷

উল্লেখ্য যে, কোভিড-19ৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত এইদৰে সেৱাৰ পৰা অব্যাহতি দিয়া এয়াৰ ইণ্ডিয়াই দেশৰ প্ৰথমটো চৰকাৰী সংস্থা, যিয়ে প্ৰতিষ্ঠানটোত কৰ্মৰত 1,200 কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ অৰুণাচলত সংঘৰ্ষত লিপ্ত আছাম ৰাইফলছ আৰু এনএছচিএন (আইএম)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.