ETV Bharat / bharat

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ গানি

author img

By

Published : Dec 22, 2019, 7:05 PM IST

Updated : Dec 23, 2019, 12:29 PM IST

চলিত বৰ্ষৰ 28 চেপ্তেম্বৰত আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ নিৰ্বাচনৰ প্ৰায় তিনিমাহ পিছত ফলাফল ঘোষণা কৰা হয় ৷ সেইসূত্ৰে গানিয়ে 50.64 শতাংশ ভোটেৰে মুঠ 9,23,868 টা ভোট লাভ কৰি শীৰ্ষত অৱস্থান কৰে ৷ কিন্তু এই ফলাফলত বিসংগতি থকাৰ সন্দেহত বৰ্তমান বিতৰ্কৰ সৃষ্টি হৈছে ৷

9,23,868 টা ভোট লাভ কৰি শীৰ্ষত অৱস্থান কৰে আশ্ৰফ গনিয়ে
ৰাষ্ট্ৰপতি নিৰ্বাচনঃ দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ গানি

কাবুল,22 ডিচেম্বৰঃ দেওবাৰে ঘোষণা কৰা হয় আফগানিস্তানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ৷ সেইসূত্ৰে পুনৰাই ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছে আশ্ৰফ গানি ৷ চেপ্তেম্বৰ মাহত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰায় তিনিমাহ পিছত ফলাফল ঘোষণা কৰা হয় ৷ সেইসূত্ৰে গনিয়ে 50.64 শতাংশ ভোটেৰে মুঠ 9,23,868 টা ভোট লাভ কৰি শীৰ্ষত অৱস্থান কৰে ৷ কিন্তু এই ফলাফলত বিসংগতি থকাৰ সন্দেহত বৰ্তমান বিতৰ্কৰ সৃষ্টি হৈছে ৷

নিৰ্বাচনৰ ফলাফল অনুসৰি, আফগানিস্তানৰ মুখ্য কাৰ্যকৰী বিষয়া আব্দুল্লা আব্দুল্লাই 39.52 শতাংশ ভোটেৰে দ্বিতীয় স্থান লাভ কৰে ৷ আব্দুল্লাই অভিযোগ উত্থাপন কৰা অনুসৰি গনিৰ ৰাজ্যিক বিল্ডাৰ দলত এই বিসংগতি ধৰা পৰে ৷ বিগত ৰাষ্ট্ৰপতি নিৰ্বাচনত দেশখনৰ প্ৰায় 1.8 মিলিয়ন লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছিল ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ 28 চেপ্তেম্বৰত এই নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ পূৰ্বে 14 নৱেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ কথা আছিল যদিও দুবাৰকৈ ইয়াক স্থগিত ৰখা হয় ৷ ফলত দেশখনত ইয়াৰ বিৰোধিতাৰে বিক্ষোভ প্ৰদৰ্শন কৰে জনসাধাৰণে ৷

দেশখনত নিৰ্বাচনৰ পূৰ্বে অধিকাংশ লোকে তালিবানী সন্ত্ৰাসবাদীৰ দ্বাৰা পোৱা ভাবুকিৰ মাজতেই নিজৰ ভোট প্ৰদান কৰে ৷ কিন্তু তালিবানী সন্ত্ৰাসবাদীৰ ভাবুকিৰ ফলত ভোটদানৰ হাৰ নিম্নগামী হয় ৷

ইপিনে অল জাজিৰাত প্ৰকাশিত তথ্য অনুসৰি, ভোটদাতাৰ নাম ভোটাৰ তালিকা আৰু বায়’মেট্ৰিক পদ্ধতিৰ পৰা অন্তৰ্ধান আছিল বুলি বহুসংখ্যক লোকে অভিযোগ কৰে ৷ দুৰ্নীতি কমাবলৈয়ে প্ৰথমবাৰৰ বাবে দেশখনৰ নিৰ্বাচনত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয় ৷ কিন্তু সঠিক প্ৰশিক্ষণৰ অভাৱত ইয়াক নিৰ্বাচনত জড়িত বিষয়াসকলে উপযুক্ত ব্যৱহাৰ কৰিব নোৱাৰিলে ৷

গনিৰ মতে, তেওঁৰ সৈতে জড়িত পৰ্যবেক্ষকৰ দলটো ভোট গণনাৰ সময়ত 27 টা প্ৰান্তত উপস্থিত নাছিল ৷ বিপৰীতে আব্দুল্লাৰ সমৰ্থনত দলে কয় যে, প্ৰাথমিক পৰ্যায়ৰ ফলাফল ঘোষণাৰ পিছত স্বতন্ত্ৰ নিৰ্বাচন আয়োগত 7000 খন অভিযোগ পত্ৰ দাখিল কৰা হ’ব ৷ ইয়াৰোপৰি গুলাবুদ্দিন হেক্মাতয়াৰৰ দলটোৱে এই ফলাফল অস্বীকাৰ কৰাৰ কথা ঘোষণা কৰে ৷

লগতে চাওকঃসামগ্ৰী আৰু সেৱা কৰত সালসলনি নকৰে কেন্দ্ৰীয় চৰকাৰে

Intro:Body:

 


Conclusion:
Last Updated :Dec 23, 2019, 12:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.