ETV Bharat / bharat

শেহতীয়াকৈ ব্ৰিটেইনলৈ যাত্ৰা কৰা কৰ্ণাটকৰ 5 যাত্ৰীক কোৱাৰেণ্টাইন

author img

By

Published : Dec 23, 2020, 8:08 AM IST

Updated : Dec 23, 2020, 8:24 AM IST

5 people with recent travel history to UK quarantined in Karnataka
ব্ৰিটেইনলৈ যাত্ৰা কৰা কৰ্ণাটকৰ 5 যাত্ৰীক কোৱাৰেণ্টাইন

কৰ্ণাটকৰ পৰা ব্ৰিটেইনলৈ যাত্ৰা কৰা সকলো যাত্ৰীকে কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ ইংলেণ্ডত উদ্ভৱ হোৱা নতুন ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰ্ণাটক চৰকাৰৰ ৷ ৰাজ্যখনৰ 5 গৰাকী যাত্ৰীক ইতিমধ্যে কোৱাৰেণ্টাইনত ৰাখি শ্বাৱ টেষ্ট কৰোৱা বুলি কৰ্ণাটকৰ চৰকাৰী কৰ্তৃপক্ষই উল্লেখ কৰে ৷

নেশ্যনেল ডেস্ক,23 ডিচেম্বৰ : শেহতীয়াকৈ ইংলেণ্ডত উদ্ভৱ হোৱা নতুন ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটেইনলৈ যাত্ৰা কৰা সকলো যাত্ৰীকে কোৱাৰেণ্টাইন ৰখা হৈছে ৷ লগতে তেওঁলোকক ক’ভিড পৰীক্ষা কৰি সম্প্ৰতি ফলাফলৰ বাবে অপেক্ষা কৰা বুলি জানিব পৰা গৈছে ৷

কৰ্ণাটকৰ ধাৰৱাদ জিলাৰ উপায়ুক্ত নীতেশ পাটিলে সদৰি কৰা মতে, ইংলেণ্ডলৈ যাত্ৰা কৰা ৰাজ্যখনৰ 5 গৰাকী যাত্ৰীক ইতিমধ্যে কোৱাৰেণ্টাইনত ৰাখি তেওঁলোকৰ শ্বাৱ টেষ্ট কৰা হৈছে ৷ বৰ্তমান অপেক্ষা কৰা হৈছে ফলাফলৰ বাবে ৷

আনহাতে, ব্ৰিটেইনৰ পৰা অহা ৰাজ্যৰ যাত্ৰীসকলক ক’ভিড প্ৰট’কল মানি বিমানবন্দৰতে শ্বাৱ টেষ্ট কৰোৱা হ’ব ৷ ইয়াৰ বাবে নিশা সান্ধ্য আইন জাৰি কৰাৰ প্ৰয়োজন নাই বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বি.এছ. য়েদিয়ুৰাপ্পাই জানিবলৈ দিয়ে ৷

সোমবাৰে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিগত 7 ডিচেম্বৰত ইংলেণ্ডৰ পৰা কৰ্ণাটকলৈ অহা যাত্ৰীসকলৰ নামৰ তালিকা প্ৰস্তুত কৰা হয় ৷

ইয়াৰোপৰি, কৰ্ণাটক চৰকাৰে 21ৰ পৰা 23 ডিচেম্বৰৰ মাজৰ সময়ছোৱাত ব্ৰিটেইনৰ পৰা অহা সকলো যাত্ৰীকে আৰটি-পিচিআৰ টেষ্ট কৰাৰ নিৰ্দেশ জাৰি কৰে ৷

লগতে পঢ়ক : চিকিৎসক,নাৰ্চসকলক 'চুপাৰমেন' আখ্যা ৰাজনাথ সিঙৰ

Last Updated :Dec 23, 2020, 8:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.