ETV Bharat / bharat

মুম্বাইত ৩০ গৰাকীকৈ সংবাদকৰ্মীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

author img

By

Published : Apr 20, 2020, 4:56 PM IST

মুম্বাইত মাৰাত্মক কৰ'ণা ভাইৰাছৰ কৱলত পৰিছে ৩০গৰাকীকৈ সংবাদকৰ্মী । সোমবাৰে এই কথা প্ৰকাশ কৰিছে এগৰাকী চৰকাৰী বিষয়াই ।

মুম্বাইত ৩০ গৰাকীকৈ সংবাদকৰ্মীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি
মুম্বাইত ৩০ গৰাকীকৈ সংবাদকৰ্মীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ মুম্বাইত বিগত সপ্তাহত আয়োজন কৰা বিশেষ কেম্পত সম্পন্ন হোৱা পৰীক্ষাৰ পিচতেই মহাৰাষ্ট্ৰৰ ৩০গৰাকীকৈ সাংবাদিকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে । সোমবাৰে এই কথা প্ৰকাশ কৰিছে এগৰাকী চৰকাৰী বিষয়াই । দেহত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ হোৱা আটাইকেইগৰাকী সাংবাদিকে ইলেকট্ৰনিক মাধ্যমৰ বুলি জানিব পৰা গৈছে ।

টিভি জাৰ্নেলিষ্ট এছচিয়েশ্যনৰ সভাপতি,বিনোদ জগদালে এই কথা নিশ্চিত কৰিছে । তেওঁ প্ৰকাশ কৰা অনুসৰি এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । মুম্বাই পৌৰসভাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি,বহুতৰে দেহত এই লক্ষণ দেখা পোৱা গৈছে আৰু তেওঁলোকক নিজ নিজ গৃহত পৃথকে পৃথকে ৰখা হৈছে আৰু বহুতৰে ফলাফল আহিবলৈ এতিয়াও বাকী আছে ।

টিভি জাৰ্নেলিষ্ট এছচিয়েশ্যন আৰু মন্ত্ৰালয় এণ্ড লেজিচলেচাৰ ৰিপৰ্টাৰ এছটিয়েশ্যনৰ অনুৰোধত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে পৌৰসভাক সংবাদকৰ্মীসকলৰ বাবে এই বিশেষ স্কীনিং টেষ্ট পাতিবলৈ নিৰ্দেশ দিছিল । শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীৰ সহযোগত প্ৰায় ১৭১ সংবাদকৰ্মী মুম্বাই প্ৰেছ ক্লাৱৰ ওচৰত ১৬ আৰু ১৭ এপ্ৰিলৰ পৰীক্ষা কৰা হৈছিল ।

লগতে পঢ়কঃ লক ডাউনৰ সকলো খবৰ,ক’ত কি ঘটিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.