ETV Bharat / bharat

লক্ষ্ণৌত 10 লাখ টকা কাঢ়ি পলায়ন সুৰাপায়ী যুৱকৰ দলৰ

author img

By

Published : Jan 1, 2021, 11:34 AM IST

লক্ষ্ণৌত 10 লাখ টকা কাঢ়ি পলায়ন সুৰাপায়ী যুৱকৰ দলৰ
লক্ষ্ণৌত 10 লাখ টকা কাঢ়ি পলায়ন সুৰাপায়ী যুৱকৰ দলৰ

লক্ষ্ণৌৰ বাজাৰীগঞ্জ থানা অঞ্চলত ডকাইটি ৷ স্বত্বাধিকাৰীক অকলে পাই অম্বে এচ'চিয়েট ফাইনেন্স কোম্পানীৰ কাৰ্যালয়ত আক্ৰমণ ৷ সুৰাপায়ী দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড ৷ লোহাৰ চকীৰে স্বত্বাধিকাৰীক প্ৰহাৰ কৰি দুৰ্বৃত্তই লুটি নিয়ে নগদ দহ লাখ টকা ৷ চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য ৷ আৰক্ষীৰ তদন্ত আৰম্ভ ৷

নেচনেল ডেস্ক, 1 জানুৱাৰী: লক্ষ্ণৌৰ বাজাৰীগঞ্জ থানা অঞ্চলৰ অম্বে এচ'চিয়েট ফাইনেন্স কোম্পানীৰ কাৰ্যালয়ত সুৰাপায়ী দুৰ্বৃত্তই কোম্পানীৰ স্বত্বাধিকাৰীক আক্ৰমণ কৰাৰ এক ঘটনা সংঘটিত হৈছে ৷ কোম্পানীটোৰ স্বত্বাধিকাৰী অজয় ত্ৰিবেদীক আক্ৰমণ কৰি দুৰ্বৃত্তৰ দলটোৱে প্ৰায় 10 লাখ সংগ্ৰহিত ধন লৈ উধাও হয় ৷ অৱশ্যে কোম্পানীটোৰ স্বত্বাধিকাৰীক আক্ৰমণ কৰাৰ লগতে নগদ ধন লৈ উধাও হোৱা সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হয় ৷ চিচিটিভিত বন্দী হোৱা সমগ্ৰ দৃশ্যৰ আধাৰত এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

চিচিটিভিত বন্দী হ'ল আক্ৰমণৰ সমগ্ৰ দৃশ্য

ভুক্তভোগীয়ে জানিবলৈ দিয়া মতে সন্ধিয়া প্ৰায় 8 বজাত এই আক্ৰমণ সংঘটিত কৰিছিল কিন্তু মন কৰিব লগীয়া যে উক্ত ঘটনা সংঘটিত হৈ যোৱাৰ পাছতো ভুক্তভোগী বা ভুক্তভোগীৰ পৰিয়ালৰ কোনোৱে আৰক্ষীৰ কাষ চপা পৰিলক্ষিত হোৱা নাছিল ৷ চিচিটিভিৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰাতহে আৰক্ষীয়ে নিজেই তদন্ত আৰম্ভ কৰি ভুক্তভোগীক বিচাৰি উলিয়াই গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি বজৰীগঞ্জ থানা ক্ষেত্ৰত অৱস্থিত অম্বে এচ'চিয়েট ফাইনেন্স কোম্পানীত বৃহস্পতিবাৰে ৰাতি প্ৰায় 8 বজাত সুৰাপায়ী দুৰ্বৃত্তই অজয় ত্ৰিবেদীক অকলে পাই মাৰপিট কৰি নগদ ধনখিনি লৈ পলায়ন কৰে ৷

লগতে পঢ়ক:উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল আৰক্ষী কনিষ্টবল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.