ETV Bharat / bharat

'কোভেক্সিন' ৰ পৰীক্ষণ-3 ৰ বাবে ভাৰতীয় বায়'টেকৰ 13 হাজাৰ স্বেচ্ছাসেৱক নিযুক্তি

author img

By

Published : Dec 22, 2020, 3:53 PM IST

ভাৰতীয় বায়'টেকে মঙলবাৰে 13,000 স্বেচ্ছাসেৱক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে ৷ ক'ভিড-19 ৰ ভেকচিন প্ৰদান আৰু পৰীক্ষণৰ বাবে এই নিযুক্তি দিয়া বুলি প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে ৷ লগতে, 'কোভেক্সিন' ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে 26,000 অংশগ্ৰহণকাৰীৰ লক্ষ্য স্থিৰ কৰিছে ৷

Bharat Biotech completes recruitment of 13,000 volunteers for Phase III trials of Covaxin
'কোভেক্সিন' ৰ পৰীক্ষণ-3 ৰ বাবে ভাৰতীয় বায়'টেকৰ 13 হাজাৰ স্বেচ্ছাসেৱক নিযুক্তি

নিউজ ডেস্ক, 22 ডিচেম্বৰ : ভাৰতীয় বায়'টেকে মঙলবাৰে 13,000 স্বেচ্ছাসেৱক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে ৷ ক'ভিড-19 ৰ ভেকচিন প্ৰদান আৰু পৰীক্ষণৰ বাবে এই নিযুক্তি দিয়া বুলি প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে ৷ লগতে, 'কোভেক্সিন' ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে 26,000 অংশগ্ৰহণকাৰীৰ লক্ষ্য স্থিৰ কৰিছে ৷

প্ৰতিষ্ঠানটোৱে এক বিবৃতিযোগে জনাই যে, 'কোভেক্সিন' ৰ পৰীক্ষণ-2 আৰু পৰীক্ষণ-3 ৰ ক্ষেত্ৰত 1000 বিষয়ৰ ওপৰত মূল্যাংকন কৰা হ'ব ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ (ICMR), National Institute of Virology চমুকৈ (NIV) ৰ সহযোগত ক'ভিড-19 ৰ ভেকচিনৰ বিকাশৰ বাবে কাম কৰা হ'ব বুলি উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক : চিৰাঙৰ হাতী-মানুহৰ সমস্যাক লৈ ডব্লিউ ডব্লিউ এফৰ প্ৰতিক্ৰিয়া

আনহাতে, ভাৰত বায়'টেকৰ ফালৰ পৰা জনোৱা অনুসৰি, 'কোভেক্সিন' এক বিশুদ্ধ SARS-CoV2 ভেকচিন ৷ যি ভেকচিন 300 মিলিয়নতকৈ অধিক দ্ৰব্যৰ সংশ্ৰমিনত তৈয়াৰ কৰা হৈছে ৷

প্ৰতিষ্ঠানটোৰ মতে, ভেকচিনবিধ ভাৰত বায়'টেকৰ BSL-3 প্ৰস্তুত আৰু বিকশিত কৰা হৈছে ৷ যাৰবাবে প্ৰতিষ্ঠানটোৱে এই বিধ ভেকচিনৰ পৰীক্ষণ-3 ৰ বাবে 13,000 স্বেচ্ছাসেৱক নিযুক্তিৰ ঘোষণা কৰিছে আৰু আগন্তুক সময়ত এই লক্ষ্য 26,000 নিৰ্ধাৰণ কৰিছে ৷

ভাৰতীয় বায়'টেক পৰিচালক সঞ্চালক সুচিত্ৰা এলাই জনোৱা অনুসৰি, ভাৰতৰ ক্ষেত্ৰত এই ভেকচিনে এক বিশেষ তাৎপৰ্যবহন কৰিব ৷ আমি এই ভেকচিনবিধৰ বিকাশৰ বাবে সকলো সময়তে চেষ্টা কৰি থকা বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, প্ৰতিষ্ঠানটোৱে পৰীক্ষণ-3 ৰ কাম নৱেম্বৰৰ মাজৰ ভাগত আৰম্ভ কৰিছিল ৷

লগতে পঢ়ক : নিৰ্দলীয়া প্ৰাৰ্থী হিচাপে ডিডিচি নিৰ্বাচনত অৱতীৰ্ণ হোৱা পাকিস্তানী মহিলাগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.