ETV Bharat / bharat

বিমানৰ টিকট বুকিঙৰ সময়ত চাইবাৰ অপৰাধৰ বলি হ’ব পাৰে আপুনি !

author img

By

Published : Jan 5, 2021, 9:17 AM IST

7 লাখ টকা হেৰুৱালে বাংগালুৰুৰ ব্যক্তিয়ে
চাইবাৰ অপৰাধৰ বলি বাংগালুৰুৰ ব্যক্তি

চাইবাৰ অপৰাধৰ বলি হৈ 7 লাখ টকা হেৰুৱালে বাংগালুৰুৰ এজন ব্যক্তিয়ে ৷ এই সম্পৰ্কত তেওঁ ৰুজু কৰা গোচৰৰ ভিত্তিত বৰ্তমান তদন্ত আৰম্ভ কৰিছে হোৱাইটফিল্ড চাইবাৰ ক্ৰাইম আৰক্ষী থানাই ৷

নেশ্যনেল ডেস্ক, 5 জানুৱাৰী : বিমানৰ টিকেট বুকিং কৰাৰ সময়ত 7 লাখ টকা অনলাইনৰ জৰিয়তে হেৰুৱাব লগা হ'ল বাংগালুৰুৰ এজন বাসিন্দাই ৷ 30 ডিচেম্বৰত সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা ৷

হোৱাইটফিল্ডৰ জি. কে. বিজয়ে ক্লিয়াৰ ট্ৰিপ মোবাইল এপ্লিকেছনৰ জৰিয়তে থিৰুৱনন্থপুৰমলৈ বিমানৰ টিকট বুক কৰিছিল ৷ পাছত, তেওঁৰ পেমেন্ট লাভ নকৰা বুলি এক মেছেজ আহে আৰু তেওঁৰ HDFC বেংক একাউন্টৰ পৰা 6,95,282 টকা নাইকীয়া হয় ৷

পৰবৰ্তী দিনা তেওঁ টিকট বুকিং ফাৰ্মখনলৈ ফোন কৰে আৰু দীপক কুমাৰ শৰ্মা (ID No-522668) নামৰ এজন অচিনাক্ত ব্যক্তিয়ে কয় যে, কৰ্তন যোৱা টকাখিনি কাৰিকৰী বিজুতিৰ বাবে ঘূৰাই দিব পৰা নাই আৰু অন্য এটা বেংক একাউন্টৰ নম্বৰ বিচাৰে ৷

কিন্তু বিজয়ৰ সন্দেহ ওপজাত তেওঁ একাউন্টৰ শেষৰ চাৰিটা নম্বৰহে প্ৰদান কৰে আৰু বেংক ট্ৰানজেকছনৰ বাবে বহুকেইটা OTP লাভ কৰে ৷

ইয়াৰ পাচতে তেওঁ হোৱাইটফিল্ড চাইবাৰ ক্ৰাইম আৰক্ষী থানাৰ কাষ চাপে আৰু এক গোচৰ ৰুজু কৰে ৷ ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : শ্বাহী ঈদগাহ মছজিদ স্থানান্তৰকৰণ গোচৰৰ শুনানিৰ দিন 15 জানুৱাৰীত ধাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.