ETV Bharat / bharat

ত্ৰিপুৰাত ৰাইজৰ প্ৰহাৰত মৃত্যু বাংলাদেশৰ যুৱকৰ

author img

By

Published : Nov 7, 2021, 12:29 PM IST

Cattle Lifter Lynched
ত্ৰিপুৰাত ৰাইজৰ প্ৰহাৰত মৃত্যু বাংলাদেশৰ গৰু চোৰ

ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । ইয়াৰ মাজতে ত্ৰিপুৰাৰ সীমান্তৱৰ্তী এখন গাঁৱত গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত এজনক যুৱকৰ মৃত্যু । গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ প্ৰহাৰত প্ৰাণ গ'ল বাংলাদেশৰ যুৱকজনৰ ।

আগৰতলা, ৭ নৱেম্বৰ : ত্ৰিপুৰা-বাংলাদেশ সীমান্তত সক্ৰিয় হৈ আছে গৰু চুৰি চক্ৰ (Cattle lifter) । সীমান্তৰে প্ৰায়ে গৰু ছিণ্ডিকেটৰ সৈতে জড়িত একাংশ লোকে বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আহিছে । ইয়াৰ মাজতে ত্ৰিপুৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । ৰাইজৰ প্ৰহাৰত প্ৰাণ গ'ল গৰু চুৰি চক্ৰৰ সৈতে জড়িত এজন যুৱকৰ ।

জানিব পৰা মতে, ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ বক্সানগৰৰ কমলনগৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা । নিহত যুৱকজন বাংলাদেশৰ বাসিন্দা আৰু গৰু চুৰি কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত (International border) অতিক্ৰম কৰি আহিছিল । নিশা মুঠ তিনিজন ব্যক্তিয়ে গাঁৱখনত গৰু চুৰি কৰিবলৈ প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে । ইতিমধ্যে মৃত যুৱকজনৰ পৰা আৰক্ষীয়ে বাংলাদেশী মুদ্ৰা আৰু ম'বাইল ফোন উদ্ধাৰ কৰিছে ।

আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান চলাই জানিব পাৰিছে যে যেতিয়া তিনিওজনে গৰু চুৰি কৰিবলৈ গাঁৱত প্ৰৱেশ কৰিছিল, গাঁৱবাসীয়ে তেওঁলোকক কৰায়ত্ত কৰিছিল ৷ কিন্তু তেওঁলোকৰ দুজন পলাই যাবলৈ সক্ষম হয় । এজনক ৰাইজে ধৰি প্ৰহাৰ কৰে । অৱশ্যে, মৃত যুৱকজনৰ নাম এতিয়াও পোহৰলৈ অহা নাই ।

গাঁৱবাসীয়ে কোৱা মতে তেওঁলোকে লিটান পলৰ ঘৰৰ পৰা গৰু চুৰি কৰিবলৈ আহিছিল আৰু গৰু উঠোৱাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল যুৱকজন । যুৱকজনক আগৰতলাৰ জিবি পন্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল । গাঁৱবাসীয়ে জনোৱা মতে ঘটনাটো প্ৰায় ২ বজাত সংঘটিত হৈছিল । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি এটা গোচৰ ৰুজু কৰে ।

ইফালে বাংলাদেশৰ সৈতে অৰ্ধ সুৰক্ষিত সীমান্ত ভাগ-বতৰা কৰা ত্ৰিপুৰাত প্ৰায়ে নিষিদ্ধ সামগ্ৰী আৰু গৰুৰ চোৰাং ব্যৱসায় চলি থকা দেখা যায় । ৮৫৬ কিল’মিটাৰ আন্তৰ্জাতিক সীমান্ত ভাগ-বতৰা কৰা ৰাজ্যখনৰ এতিয়াও কেইবাটাও ঠাইত নাই সীমান্তৰ বেৰ । বেৰ নিৰ্মাণ কৰাৰ পূৰ্বে গৰু আৰু নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায় এক নিয়মীয়া সমস্যা আছিল । বিএছএফৰ সূত্ৰ অনুসৰি, ২০১৯ চনত বাংলাদেশলৈ চোৰাং সৰবৰাহৰ সময়ত ১.৬০ কোটি টকাৰ গৰু জব্দ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ।

এই বছৰৰ মে' মাহত বিএছএফে (BSF) ৰাজ্যখনৰ চেপাহিজালা জিলাৰ পৰা প্ৰায় ২৪ টা চোৰাং গৰু জব্দ কৰিছে । বিএছএফৰ এগৰাকী বিষয়াই জনোৱা মতে, চোৰাং ব্যৱসায়ীসকলে ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ অন্তৰ্গত সোণামূৰা অঞ্চল গৰুৰ চোৰাং সৰবৰাহৰ বাবে ব্যৱহাৰ কৰে । অৱশ্যে বিএছএফ জোৱানসকলৰ কঠোৰ নিৰীক্ষণৰ বাবে এই সংখ্যা পূৰ্বতকৈ যথেষ্ট হ্ৰাস পাইছে ।

বৰ্তমান ৰাজ্যখনত মুঠ ৫ খন গৰুৰ বজাৰ আছে । সেইসমূহ হৈছে চেপাহিজালা জিলাৰ সোণামূৰা পুৰণি মটৰ ষ্টেণ্ড, উনাকোটি জিলাৰ গৌৰনগৰ, দক্ষিণ জিলাৰ বৰপথাৰী, উত্তৰ জিলাৰ পূৱ কদমতলা আৰু গোমতী জিলাৰ কাৰবুক বজাৰ ।

লগতে পঢ়ক : কণৌজত জিকা ভাইৰাছত আক্ৰান্ত প্ৰথমগৰাকী লোকক চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.