ETV Bharat / bharat

কণৌজত জিকা ভাইৰাছত আক্ৰান্ত প্ৰথমগৰাকী লোকক চিনাক্ত

author img

By

Published : Nov 7, 2021, 11:39 AM IST

উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তত জিকা ভাইৰাজে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ৰাজ্যখনত প্ৰায় ৮০ গৰাকী লোক সংক্ৰমিত হৈছে জিকা ভাইৰাছত । স্বাস্থ্য বিভাগে অধিক সতৰ্কতা অৱলম্বন কৰিছে ।

Zika virus case
উত্তৰ প্ৰদেশৰ কনৌজ জিলাত প্ৰথমগৰাকী লোক আক্ৰান্ত জিকা ভাইৰাছত

নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ : কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত থকাৰ মাজতে দেশত জিকা ভাইৰাছৰ (Zika virus) সংক্ৰমণ আৰম্ভ । উত্তৰ প্ৰদেশত জিকা ভাইৰাছৰ সংক্ৰমণে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ৰাজ্যখনত কানপুৰৰ পাছত এইবাৰ কণৌজ জিলাতো জিকা ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰিছে । মুখ্য চিকিৎসা বিষয়া ডাঃ বিনোদ কুমাৰে শনিবাৰে জনোৱা মতে, জিলাখনত জিকা ভাইৰাছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী ধৰা পৰিছে ।

কানপুৰৰ শিৱৰাজপুৰ গাঁৱৰ ৪৫ বছৰীয়া এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ভাইৰাছবিধৰ অৱস্থিতি । প্ৰথমে ব্যক্তিগৰাকী জ্বৰত ভূগি আছিল । তাৰ পাছতে চিকিৎসকসকলে ৩ নৱেম্বৰত তেওঁৰ নমুনা সংগ্ৰহ কৰিছিল । ব্যক্তিগৰাকীৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে স্বাস্থ্য বিভাগ অধিক সতৰ্ক হৈছে ।

মুখ্য চিকিৎসা বিষয়াগৰাকীয়ে লগতে কয় যে, আক্ৰান্ত ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা ১৯ গৰাকী লোকৰ নমুনাও ইতিমধ্যে সংগ্ৰহ কৰা হৈছে । শনিবাৰে কানপুৰত জিকা ভাইৰাছৰ সংক্ৰমণৰ ১৩ টা নতুন ঘটনা পোহৰলৈ আহে । ইয়াৰ লগে লগে জিলাখনত ম’হৰ দ্বাৰা বিয়পিব পৰা এই ৰোগৰ মুঠ ঘটনাৰ সংখ্যা ৭৯ গৰাকীলৈ বৃদ্ধি পাইছে ।

উল্লেখ্য যে, জিকা হৈছে এবিধ ম’হৰ দ্বাৰা সংক্ৰমিত ভাইৰাছ, যি এডিছ প্ৰজাতিৰ (Aedes species) এডিছ ইজিপ্তাই (Aedes aegypti) নামৰ ম’হে কামোৰাৰ ফলত বিয়পে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এডিছ ম’হবোৰে সাধাৰণতে দিনত কামোৰে । পুৱা, আবেলি অথবা সন্ধিয়া ই ৰৈ থাকে । এই ৰোগৰ লক্ষণবোৰ হৈছে জ্বৰ, দাগ পৰা, চকুৰ ৰোগ, পেশী আৰু গাঁঠিৰ বিষ, মূৰৰ বিষ ।

লগতে পঢ়ক: ম্যানমাৰত দুটা দিনত নিহত ১০০ৰো অধিক জোন্তা সৈন্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.