ETV Bharat / bharat

প্ৰসংগ : আতিক আহমেদৰ হত্যাকাণ্ড; পলাতক নাফিছ বিৰিয়ানীৱালাৰ বিৰুদ্ধে 50 হাজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 8:25 AM IST

বিগত 9 মাহ ধৰি পলাতক আতিক গেঙৰ ঘনিষ্ঠ নাফিছ বিৰিয়ানীৱালা ৷ নাফিছ বিৰিয়ানীৱালাক বিচাৰি হায়ৰাণ প্ৰয়াগৰাজ আৰক্ষী ৷ উপায়ন্তৰ হৈ নাফিছ বিৰিয়ানীৱালাৰ সন্ধান দিওতালৈ প্ৰয়াগৰাজ আৰক্ষীয়ে 50,000 টকা পুৰষ্কাৰ ঘোষণা কৰিছে ৷

Atiq ahmad henchmen had come in car of a biryani shopkeeper to kill Umesh Pal in Prayagraj
পলাতক নাফিছ বিৰিয়ানীৱালা

নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : প্ৰসংগ : আতিক আহমেদৰ হত্যাকাণ্ড ৷ এই হত্যাকাণ্ডত নাম সাঙোৰ খাইছে আতিক গেঙৰ ঘনিষ্ঠ নাফিছ বিৰিয়ানীৱালা ৷ কিন্তু বৰ্তমানেও সন্ধান উলিওৱাত ব্যৰ্থ হৈছে প্ৰয়াগৰাজ আৰক্ষী ৷ উপায়ন্তৰ হৈ সেয়ে আতিক গেঙৰ ঘনিষ্ঠ নাফিছ বিৰিয়ানীৱালাৰ বিৰুদ্ধে প্ৰয়াগৰাজ আৰক্ষীয়ে 50,000 টকা পুৰষ্কাৰ হিচাপে ঘোষণা কৰে ৷

সকলোৰে জ্ঞাত যে, চলিত বৰ্ষৰ 24 ফেব্ৰুৱাৰীত অধিবক্তা উমেশ পালক তেওঁৰ নিজা বাসগৃহৰ বাহিৰত ঘেৰি ধৰি আতিক গেঙৰ দলে গুলীয়াই হত্যা কৰিছিল ৷ এই ঘটনাত উমেশ পালৰ সৈতে তেওঁৰ দুজন নিৰাপত্তাৰক্ষী হত্যা কৰা হৈছিল ৷ এই হত্যাকাণ্ডৰ সময়ত শ্বুটাৰকেইটাই ব্যৱহাৰ কৰা বগা ক্ৰেটা বাহনখন চহৰখনৰ বিখ্যাত বিৰিয়ানী দোকানৰ গৰাকী নাফিছ বিৰিয়ানীৰ আছিল বুলি জানিব পৰা গৈছিল ৷

অভিযোগ কৰা অনুসৰি, আতিক দলৰ এজন ঘনিষ্ঠ সহযোগী নাফিছে চতুৰতাৰে আন এজন আত্মীয়ৰ নামত থকা বাহনখন শ্বুটাৰক দিছিল ৷ ফলত শ্বুটাৰে এই ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলাই গৈছিল ৷

এই হত্যাকাণ্ডৰ পিচৰে পৰা বিৰিয়ানী বিক্ৰেতা নাফিছ পলাতক হৈ আছিল

বিগত 9 মাহৰো অধিক অধিক সময় ধৰি পলাতক হৈ থকা নাফিছ বিৰিয়ানীৱালাক 50 হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ৷ আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই বিৰিয়ানী বিক্ৰেতা নাফিছৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা কৰি বিষয়াসকলক অনুসন্ধান অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশনা দিছে ৷ আৰক্ষী আয়ুক্তৰ নিৰ্দেশনা অনুসৰি, কেৱল প্ৰয়াগৰাজ জিলাতে নাফিছৰ সন্ধানেই নহয়, আতিক দল আৰু ইয়াৰ কৰ্মকৰ্তাসকলৰ গোপন আস্থানাতো অভিযান চলাই ওচৰ পাজৰৰ জিলাসমূহতো তালাচী অভিযান চলোৱা হ'ব ৷ নাফিজক গ্ৰেপ্তাৰ পিচতে আৰক্ষীয়ে আতিক দলটোৰ সৈতে সম্পৰ্কত অধিক তথ্য লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

কিয় বিখ্যাত নাফিছ বিৰিয়ানীৱালা ?

আতিক গেঙৰ বিশেষ খ্যাত নাফিছে চিভিল লাইনছত এখন সৰু দোকান খুলি বিৰিয়ানীৰ ব্যৱসায় আৰম্ভ কৰিছিল ৷ ইয়াৰ পিচত, নাফিছৰ বিৰিয়ানী ক্ৰমান্বয়ে বিখ্যাত হৈ পৰিছিল ৷ তাৰ পিচতে আতিক গেঙে দখল কৰা ভূমিত এটা বিৰিয়ানী কাৰখানা নিৰ্মাণ কৰা হয় ৷ য’ত বিৰিয়ানী প্ৰস্তুত কৰা হৈছিল আৰু বিভিন্ন দোকানত বিৰিয়ানী বিক্ৰী কৰিবলৈ আৰম্ভ কৰা হৈছিল ৷

মাফিয়া দলটোৰ সৈতে বিৰিয়ানী বিক্ৰেতাৰ ঘনিষ্ঠ সম্পৰ্ক আৰু বিৰিয়ানীৰ জনপ্ৰিয়তাৰ বাবে, নাছিফে নাছিফ বিৰিয়ানীৱালা হিচাপে খ্যাত হৈছিল ৷ উমেশ পাল হত্যাকাণ্ডৰ পিচত নাফিছ বিৰিয়ানী বৰ্তমানলৈকে পলাতক হৈ আছে ৷

লগতে পঢ়ক : উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.