ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব আইন সম্পৰ্কীয় আবেদনৰ শুনানি আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 1:51 PM IST

উচ্চতম ন্যায়ালয়ে ১৭ খন আবেদনৰ শুনানি আৰম্ভ কৰিছে । ৫ জনীয়া বিচাৰপীঠে মঙলবাৰে অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে সম্পৰ্কিত নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ সাংবিধানিক বৈধতাৰ অধ্যয়ন বিচাৰি কৰা আবেদনৰ শুনানি আৰম্ভ কৰিছে ।

Assam illegal immigrants
উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব আইন সম্পৰ্কীয় আবেদনৰ শুনানি আৰম্ভ

নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ : উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে মঙলবাৰে অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে সম্পৰ্কিত নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ সাংবিধানিক বৈধতাৰ অধ্যয়ন বিচাৰি কৰা ১৭ খন আবেদনৰ শুনানি আৰম্ভ কৰে । বিচাৰপীঠখনত ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰ অন্তৰ্ভুক্ত আছে ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত সংবিধান বিচাৰপীঠে বিষয়টোত আবেদনকাৰীসকলৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছে ।

দিভানে বৰ্তমান গোচৰটোৰ ঐতিহাসিক পটভূমি আৰু উচ্চতম ন্যায়ালয়ৰ ২০১৪ চনৰ ৰায়ৰ কথা উল্লেখ কৰি আবেদনসমূহ বৃহত্তৰ সংবিধান বিচাৰপীঠলৈ উল্লেখ কৰিছে । অসম চুক্তিৰ অধীনত অন্তৰ্ভুক্ত লোকসকলৰ নাগৰিকত্ব সম্পৰ্কীয় বিষয়টোৰ মোকাবিলা কৰাৰ বাবে নাগৰিকত্ব আইনৰ ধাৰা ৬এ এক বিশেষ ব্যৱস্থা হিচাপে যোগ কৰা হৈছিল । নাগৰিকত্ব সংশোধনী আইন ১৯৮৫ অনুসৰি, ১৯৬৬ চনৰ ১ জানুৱাৰী বা তাৰ পাছত আৰু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে বাংলাদেশকে ধৰি নিৰ্দিষ্ট অঞ্চলৰ পৰা অসমলৈ অহা সকলোৱে অসমৰ বাসিন্দা হৈ আছে, তেওঁলোকে নাগৰিকত্বৰ উদ্দেশ্যে ধাৰা ১৮ ৰ অধীনত পঞ্জীয়ন কৰিব লাগিব । ১৯৭১ চনৰ ২৫ মাৰ্চত অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ বাবে কাট-অফ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল ।

বিদেশীসকলক চিনাক্ত আৰু বিতাড়ন কৰিবলৈ ১৯৮৫ চনৰ ১৫ আগষ্টত সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ আৰু ভাৰত চৰকাৰে স্বাক্ষৰ কৰা অসম চুক্তিৰ অধীনত অসমলৈ প্ৰব্ৰজন কৰা লোকসকলক নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব আইনত ধাৰা ৬এ অন্তৰ্ভুক্ত কৰা হৈছিল ।

গুৱাহাটীৰ এটা বেচৰকাৰী সংগঠনে ২০১২ চনত ধাৰা ৬এক প্ৰত্যাহ্বান জনাইছিল । দুই ন্যায়াধীশৰ বিচাৰপীঠে ২০১৪ চনত বিষয়টো সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক :ৰাজস্থানৰ কৰণপুৰত ৫ জানুৱাৰীত হ'ব নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.