ETV Bharat / bharat

Sachin Pilot Slams Ashok Gehlot : অশোক গেহলটৰ নেতা হৈছে বসুন্ধৰা ৰাজে; শচীন পাইলট

author img

By

Published : May 9, 2023, 9:52 PM IST

ৰাজস্থানৰ ৰাজনীতিত পুনৰ অশোক গেহলট আৰু শচীন পাইলটৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক তৰ্ক যুদ্ধ । এইবাৰ অশোক গেহলটৰ বিৰুদ্ধে বিজেপি নেতা-প্ৰীতিৰ অভিযোগ শচীন পাইলটৰ । বিজেপি নেত্ৰী বসুন্ধৰা ৰাজেক অশোক গেহলটে নিজৰ নেতা হিচাপে গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ শচীন পাইলটৰ (Sachin Pilot Slams Ashok Gehlot) ।

Sachin Pilot Slams Ashok Gehlot
Sachin Pilot Slams Ashok Gehlot

নিউজ ডেস্ক, ৯ মে' : কংগ্ৰেছ নেতা শচীন পাইলটে মঙলবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক তীব্ৰ সমালোচনা কৰি কয় যে ঢোলপুৰত তেওঁৰ ভাষণত তেওঁৰ নেতা হিচাপে "ছোনিয়া গান্ধী নহয়, বসুন্ধৰা ৰাজে সিন্ধিয়া"ক দেখুওৱা হৈছে (Sachin Pilot slams Rajsthans CM Ashok Gahlot) । গেহলটে দাবী কৰিছিল যে বসুন্ধৰা ৰাজে সেইসকল বিজেপি নেতাৰ মাজৰ এগৰাকী আছিল, যিয়ে ২০২০ চনত ৰাজ্যখনত নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি পাইলট আৰু কংগ্ৰেছৰ কেইজনমান বিধায়কৰ বিদ্ৰোহৰ সময়ত তেওঁক চৰকাৰ বচাবলৈ সহায় কৰিছিল (BJP leader Vasundhara Raje Scindia) ।

এক সংবাদমেল সম্বোধন কৰি পাইলটে (Congress leader Sachin Pilot) লগতে কয় যে ৰাজ্যখনৰ বিজেপি চৰকাৰৰ সময়ত গেহলটে তেওঁ উত্থাপন কৰা দুৰ্নীতিৰ অভিযোগৰ ওপৰত কিয় কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল সেয়া তেওঁ এতিয়া বুজি পাইছে । "ঢোলপুৰত অশোক গেহলটৰ ভাষণ শুনি এনে লাগিছে যেন তেওঁৰ নেতা ছোনিয়া গান্ধী নহয় (congress leader Sonia Gandhi), বসুন্ধৰা ৰাজে সিন্ধিয়া... প্ৰথমবাৰৰ বাবে মই কোনোবাই তেওঁলোকৰ নিজৰ দলৰ সাংসদ আৰু বিধায়কসকলক সমালোচনা কৰা দেখিছোঁ । বিজেপিৰ নেতাসকলক প্ৰশংসা কৰা আৰু কংগ্ৰেছ নেতাসকলক অসন্মান কৰাটো মোৰ জ্ঞানৰ বাহিৰত, এয়া সম্পূৰ্ণ ভুল ।" পাইলটে কয় ।

তেওঁ লগতে কয়, "মই এতিয়া বুজি পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে (অশোক গেহলট) কিয় দুৰ্নীতিৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা নাই ।" উল্লেখ্য যে পাইলটৰ এই আক্ৰমণ অতি গুৰুত্বপূৰ্ণ । কিয়নো ৰাজ্যখনত গেহলটৰ সৈতে তেওঁৰ সংঘাত বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে বছৰটোৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে, গেহলটৰ ওপৰত এই আক্ৰমণ কৰ্ণাটকৰ নিৰ্বাচনৰ ভোটদানৰ এদিন পূৰ্বে আহিছে, য'ত কংগ্ৰেছে এক গুৰুত্বপূৰ্ণ যুঁজত অৱতীৰ্ণ হ'বলৈ গৈ আছে (former Rajasthan Deputy CM Sachin Pilot) । লগতে ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী পাইলটে ঘোষণা কৰে যে তেওঁ ১১ মে'ৰ পৰা আজমিৰৰ পৰা জয়পুৰলৈ পাঁচদিনীয়া 'জন সংগৰ্ষ যাত্ৰা' অনুষ্ঠিত কৰিব (Jan Sangarsh Yatra) ।

"এই যাত্ৰা দুৰ্নীতিৰ বিৰুদ্ধে । এই যাত্ৰাৰ পিছত আৰু অধিক সিদ্ধান্ত লোৱা হ'ব ।" তেওঁ কয় । উল্লেখ্য, পাইলটে বিগত মাহত দিনজোৰা উপবাস ৰাখিছিল । ৰাজ্যখনত বিজেপিৰ শাসনৰ সময়ত উত্থাপিত দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত গেহলট চৰকাৰৰ দ্বাৰা ব্যৱস্থা গ্ৰহণৰ দাবীৰ বাবে আনকি দলৰ নেতৃত্বই তেওঁক সতৰ্কও কৰি দিছিল ।

ইফালে বিজেপি নেত্ৰী বসুন্ধৰা ৰাজেয়ে অশোক গেহলটৰ দাবীৰ বিৰোধিতা কৰি কৈছে যে, ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ত মিছা কথা কৈছে আৰু তেওঁৰ মিছা অভিযোগেই দেখুৱাইছে যে তেওঁ ৰাজ্যিক কংগ্ৰেছ গোটত বিদ্ৰোহৰ ফলত মেৰু বিভাজন ঘটিছে । উল্লেখ্য, গেহলটে বসুন্ধৰা ৰাজে আৰু ভাৰতীয় জনতা পাৰ্টীৰ আন দুজন নেতাক ২০২০ চনৰ সংকটৰ সময়ত কংগ্ৰেছৰ কেইজনমান বিধায়কে বিদ্ৰোহ কৰাৰ সময়ত তেওঁৰ চৰকাৰ বচাবলৈ সহায় কৰাৰ বাবে কৃতিত্ব দিছিল ।

"মোৰ বিৰুদ্ধে গেহলটৰ মন্তব্য এটা ষড়যন্ত্ৰ । গেহলটে যিমান কৰিছে তাৰ সমান কোনেও মোক অপমান কৰা নাই । তেওঁ ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ত মিছা কৈ আছে আৰু এনে মিছা অভিযোগ উত্থাপন কৰিছে । কিয়নো তেওঁ নিজৰ দলৰ মাজত বিদ্ৰোহৰ ফলত বিচলিত হৈছে ।" বসুন্ধৰা ৰাজে কয় । ইফালে দেওবাৰে ঢোলপুৰত এক কাৰ্যসূচী সম্বোধন কৰি গেহলটে অভিযোগ কৰে যে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে ।

"ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া, শোভা ৰাণী আৰু কৈলাস মেঘৱালে জানিছিল যে, তেওঁলোকৰ দলৰ মানুহে চৰকাৰখন উৎখাত কৰিছিল । বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু কৈলাস মেঘৱালেয়ে কৈছিল যে ধনৰ ভিত্তিত নিৰ্বাচিত চৰকাৰক উৎখাত কৰাটো কেতিয়াও আমাৰ পৰম্পৰা নহয় । যিসকলে চৰকাৰখনক উৎখাত কৰিব বিচাৰিছিল তেওঁলোকে সমৰ্থন কৰা নাছিল । যাৰ বাবে আমাৰ চৰকাৰ বাচি গৈছিল ।" গেহলটে কয় । উল্লেখ্য, পাইলট আৰু গেহলট দুয়োৱে পূৰ্বতে ইজনে সিজনৰ ওপৰত অভিযোগ আনিছিল আৰু যাৰ বাবে দলৰ নেতৃত্বই হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল ।

লগতে পঢ়ক :Vote From Home : কৰ্ণাটকত বিশেষ ব্যক্তিৰ মাজত 97 শতাংশ ভোটদান সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.