ETV Bharat / bharat

Himachal Pradesh rains:হিমাচল প্ৰদেশৰ বৰষুণত প্ৰায় ২০০ জন নিহত, ৩১ জন এতিয়াও সন্ধানহীন

author img

By

Published : Aug 4, 2023, 7:14 PM IST

বিষয়াসকলৰ মতে, নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশত ৬৫৬৩.৫৮ কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে ।

Himachal Pradesh rains
হিমাচল প্ৰদেশৰ শেহতীয়া বানপানী

নেশ্যনেল ডেস্ক, 4 আগষ্ট : হিমাচল প্ৰদেশৰ শেহতীয়া বানপানীৰ ফলত ১৯৯ জন লোকৰ মৃত্যু হৈছে ৷ ৰাজ্যখনত হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে, বিষয়াসকলে কয় । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি হিমাচল প্ৰদেশত বাৰিষা আৰম্ভ হোৱাৰ পিচৰে পৰা যোৱা ৪১ দিনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জীৱন আৰু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে ৷

চৰকাৰী সূত্ৰ অনুসৰি, বানপানীত নিহত হোৱা ১৯৯ জন লোকৰ ভিতৰত ভূমিস্খলন আৰু বানপানীৰ ফলত ৫৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ধাৰাসাৰ বৰষুণৰ ফলত হোৱা পথ দুৰ্ঘটনা বা বানপানীৰ সৈতে সম্পৰ্কিত অন্যান্য কাৰণত ১৪২ জন লোকৰ মৃত্যু হয়। ৰাজ্যখনত এতিয়াও আন ৩১ জন লোক সন্ধানহীন হৈ আছে। ইয়াৰ উপৰিও, বানপানীত মুঠ 229 জন লোক আহত হৈছিল ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা হিমাচল প্ৰদেশৰ মুখ্য সচিবৰ মতে, জলাশয়সমূহত বানপানী হ্ৰাস হোৱাৰ লগে লগে প্ৰাণ আৰু সম্পত্তিৰ ক্ষতিৰ আকলন বৃদ্ধি পাইছে । তথ্য অনুসৰি, এতিয়ালৈকে চলিত বাৰিষা কালত আন্তঃগাঁথনিৰ লোকচান 6563.58 কোটি টকা বুলি অনুমান কৰা হৈছে ।

বৰষুণৰ ফলত হোৱা বানপানীৰ ফলত ৰাজ্যখনৰ মুঠ ৭৭৪ টা আৱাসিক ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে । আন ৭৩১৭ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ আনহাতে বানপানীৰ ফলত ২৫৪ খন দোকান আৰু ২৩৩৭ টা গৰু আশ্ৰয়স্থল ক্ষতিগ্ৰস্ত হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনত ৭৯ টা ভূমিস্খলন আৰু ৫৩ টা আকস্মিক বানপানী হৈছিল ।

ৰাজ্যত এতিয়াও প্ৰায় ৩০০টা পথ বন্ধ হৈ থকাৰ বিপৰীতে ২৭৪ টা বিদ্যুৎ আৰু ৪২ টা পানী যোগান আঁচনিৰ কাম এতিয়াও বন্ধ হৈ আছে । ধাৰাসাৰ বৰষুণৰ ফলত ছিমলাৰ পৰ্যটন উদ্যোগ ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে । সোলান জিলাৰ কলকা-ছিমলা ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ৫ ভূমিস্খলনে উটুৱাই লৈ যায় । এই দুৰ্যোগে ৰাজ্যৰ ৰাজধানীত পৰ্যটন সম্পৰ্কীয় ব্যৱসায়ৰ ভৱিষ্যতক লৈ চিন্তাত পেলাইছে সকলোকে ।

হিমাচল প্ৰদেশ পৰ্যটন অংশীদাৰ সন্থাৰ সভাপতি মহিন্দৰ শেঠে কয় যে শেহতীয়া বৰষুণ আৰু বানপানীৰ পিচত ছেপ্টেম্বৰ আৰু অক্টোবৰত পৰ্যটকৰ ভ্ৰমণৰ আশা অধিক । অৱশ্যে, ক্ষতিগ্ৰস্ত ৰাস্তা, আকস্মিক বানপানী আৰু ভূমিস্খলনৰ আশংকাৰ বাবে, পৰ্যটকসকলে তেওঁলোকৰ ভ্ৰমণ স্থগিত ৰাখিছে । বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুদিনৰ বাবে ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে ।

লগতে পঢ়ক : Kedarnath landslide : কেদাৰনাথত ভূমিস্খলন; সন্ধানহীন 13 গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.