ETV Bharat / bharat

Odisha train accident: ভুক্তভোগী পৰিয়ালক হস্তান্তৰ ১৩ টা মৃতদেহ

author img

By

Published : Jul 2, 2023, 10:03 AM IST

Odisha train accident
ভুক্তভোগী পৰিয়ালক হস্তান্তৰ ১৩ টা মৃতদেহ

ডিএনএ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত বালাছোৰ ৰে'ল দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ পৰিয়ালক হস্তান্তৰৰ প্ৰক্ৰিয়া অব্যাহত আছে ৷ শনিবাৰে ১৩ টা মৃতদেহ ভুক্তভোগী পৰিয়ালক অৰ্পণ কৰা হয় ৷ এতিয়াও হাস্পতালত আছে কেইবাটাও অচিনাক্ত মৃতদেহ ।

নিউজ ডেস্ক, ২ জুলাই: বালাছোৰ দুৰ্ঘটনাত নিহত ১৩ টা মৃতদেহ শনিবাৰে পৰিয়ালক হস্তান্তৰ কৰা হয় । ইয়াৰ পূৰ্বে শুকুৰবাৰে ৬ গৰাকী লোকৰ মৃতদেহ তেওঁলোকৰ পৰিয়ালক হস্তান্তৰ কৰা হৈছিল ৷ দুৰ্ঘটনাৰ পাচত চিনাক্ত নোহোৱাৰ বাবে এইমছ ভুৱনেশ্বৰতে আছিল মৃতদেহকেইটা । ডিএনএ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত অৱশেষত এইমছ ভুৱনেশ্বৰ, ভুৱনেশ্বৰ পৌৰ নিগম আৰু চৰকাৰী ৰে'ল আৰক্ষীৰ সমন্বয়েৰে পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হয় মৃতদেহকেইটা ।

চিনাক্ত কৰা মৃতদেহকেইটাৰ চাৰিটা বিহাৰলৈ, আঠটা পশ্চিমবংগলৈ আৰু এটা মৃতদেহ ঝাৰখণ্ডলৈ প্ৰেৰণ কৰা হৈছে । ওড়িশা চৰকাৰ আৰু পূব উপকূল ৰে'লৱেয়ে ভুক্তভোগী পৰিয়ালবোৰৰ বাবে এম্বুলেন্স আৰু এছক'ৰ্ট বাহনৰ ব্যৱস্থা কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰে'ল মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ৰে'লৱেৰ দ্বাৰা পৰিয়ালবোৰক আৰ্থিক সাহায্যও প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, এইমছ ভুৱনেশ্বৰৰ মৰ্গত থকা ৮১ টা অচিনাক্ত মৃতদেহৰ নমুনা ডিএনএ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল । ভুৱনেশ্বৰ পৌৰ নিগমৰ মেয়ৰ সুলোচনা দাসে জনোৱা মতে, ইয়াৰে ২৯ টা নমুনাৰ ফলাফল অনুসৰি চিনাক্ত কৰা হৈছে ৷ চিনাক্ত কৰা মৃতদেহসমূহ শুকুৰবাৰৰ পৰা তেওঁলোকৰ পৰিয়ালক হস্তান্তৰ কৰা হৈছে ৷

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি ভুৱনেশ্বৰ পৌৰ নিগমে মৃতদেহবোৰ তেওঁলোকৰ ঘৰলৈ প্ৰেৰণৰ বাবে পৰিবহনৰ ব্যৱস্থা কৰিছে । যদি কোনো লোকে মৃতদেহ লৈ যাব নিবিচাৰে তেনেহ'লে পৌৰ নিগমে অন্ত্যেষ্টিক্ৰিয়াৰো ব্যৱস্থা কৰিছে । ইফালে, ভুৱনেশ্বৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছত প্ৰায় ৫২ টা অচিনাক্ত মৃতদেহ থকাৰ খবৰ পোৱা গৈছে ।

লগতে পঢ়ক: Odisha train tragedy : এতিয়াও চিনাক্ত হোৱা নাই ১২৪ মৃতদেহ; ডিএনএ পৰীক্ষাৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.