ETV Bharat / bharat

৭ ৰাজ্যৰ সৈতে আভ্যন্তৰীণ নিৰাপত্তা বিষয় সন্দৰ্ভত শনিবাৰে অমিত শ্বাহৰ আলোচনা

author img

By

Published : Jul 8, 2022, 5:57 PM IST

Shah
Shah

"সীমান্ত সুৰক্ষা (Border security), চাইবাৰ অপৰাধ (cyber crime), সামূহিক কৰ্মশক্তি গঠন, সীমান্তৰ সিপাৰৰৰ পৰা ড্ৰাগছৰ ব্যৱসায়ৰ উপৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাৰ বিষয়েও বৈঠকত আলোচনা কৰা হ'ব ।" বিষয়াজনে লগতে কয় । আনহাতে উক্ত বৈঠকত নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বৰ্ধিত ঘটনাৰ বিষয়েও আলোচনা কৰা হ'ব (narcotics and drug smuggling will discussed) ।

নিউজ ডেস্ক, ৮ জুলাই : শনিবাৰে জয়পুৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত (Amit Shah chaired North Zonal meeting) অনুষ্ঠিত হ'বলগীয়া উত্তৰ আঞ্চলিক পৰিষদৰ বৈঠকত প্ৰায় সাতখন ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকিব (North Zonal Council meeting at Jaipur) । গৃহ মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই শুকুৰবাৰে ইটিভি ভাৰতক কয় যে আভ্যন্তৰীণ সুৰক্ষা (internal security), আইন-শৃংখলা (law and order) আৰু ৰাজ্য-নিৰ্দিষ্ট বিষয়ৰ (State specific matters) ওপৰত বৈঠকত আলোচনা কৰা হ'ব ।

"সীমান্ত সুৰক্ষা (Border security), চাইবাৰ অপৰাধ (cyber crime), সামূহিক কৰ্মশক্তি গঠন, সীমান্তৰ সিপাৰৰৰ পৰা ড্ৰাগছৰ ব্যৱসায়ৰ উপৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাৰ বিষয়েও বৈঠকত আলোচনা কৰা হ'ব ।" বিষয়াজনে লগতে কয় । আনহাতে উক্ত বৈঠকত নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বৰ্ধিত ঘটনাৰ বিষয়েও আলোচনা কৰা হ'ব (narcotics and drug smuggling will discussed) ।

উল্লেখ্য, গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা ভাৰতলৈ ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বৰ্ধিত প্ৰৱণতাৰ ওপৰত তেওঁৰ উদ্বেগ প্ৰকাশ কৰিছে (Home Minister Shah shared concern over drug smuggling) । বিষয়াজনে কয় যে বিভিন্ন ৰাজ্যত বিৰাজ কৰা সাম্প্ৰতিক পৰিস্থিতি, বিশেষকৈ 'ঘৃণা হত্যা' ঘটনাৰ বিষয়েও বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

স্মৰ্তব্য যে উদয়পুৰ আৰু অমৰাৱতীত সংঘটিত দুটা ভয়ংকৰ ঘটনাৰ কেইদিনমান পিছতে উক্ত বৈঠকখন অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে । উল্লেখ্য, নিলম্বিত বিজেপি মুখপাত্ৰ নূপুৰ শৰ্মাৰ (suspended BJP spokesperson Nupur Sharma) সমৰ্থনত ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ অভিযোগত দুজন লোকক হত্যা কৰা হয় । উদয়পুৰত কানহাইয়া লাল নামৰ এজন দৰ্জীৰ শিৰচ্ছেদ (Kanhaiya Lal beheaded in Udaipur) কৰাৰ লগতে অমৰাৱতীত এজন ফাৰ্মাচিষ্ট উমেশ কোলহেক ঘপিয়াই হত্যা কৰা হয় ।

গৃহ মন্ত্ৰালয়ৰ বিষয়াজনে কয়, "ৰাজস্থানৰ মুখ্যমন্ত্ৰী আৰু জম্মু-কাশ্মীৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল মনোজ সিনহা দুয়োগৰাকীয়ে তেওঁলোকৰ অঞ্চলৰ বিদ্যমান আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত এক আভাস দাঙি ধৰাৰ সম্ভাৱনা আছে ।" ৰাম বাগ প্ৰাসাদত অনুষ্ঠিত হ'বলগীয়া উক্ত বৈঠকত ৰাজস্থান, হাৰিয়ানা, হিমাচল প্ৰদেশ, পঞ্জাব, দিল্লীৰ মুখ্যমন্ত্ৰী আৰু জম্মু-কাশ্মীৰ আৰু লাডাখৰ লোফটেনেণ্ট গৱৰ্ণৰসকলে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :UN Report: ভাৰতৰ ৭১ শতাংশ লোক পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.