ETV Bharat / bharat

বৈষ্ণো দেৱী মন্দিৰ দৰ্শন অমিত শ্বাহৰ

author img

By

Published : Oct 4, 2022, 1:40 PM IST

তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে জম্ম-কাশ্মীৰত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah at JK)। পুৱাই বৈষ্ণো দেৱীৰ মন্দিৰ দৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে প্ৰায় দুখনকৈ ৰেলী সম্বোধন কৰিব ।

Amit shah
বৈষ্ণো দেৱী মন্দিৰ দৰ্শন অমিত শ্বাহৰ

নেশ্যনেল ডেস্ক,৪ অক্টোবৰ : পুৱাই জম্মু-কাশ্মীৰৰ কাটৰাস্থিত বৈষ্ণো দেৱীৰ মন্দিৰত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah offers prayers at Vaishno Devi temple)। চাঞ্জিচাট্ট হেলিপেডৰ পৰা পোনে পোনে তেওঁ মন্দিৰত উপস্থিত হয় । তেওঁৰ সৈতে জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙো আছে ।

গৃহ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অমিত শ্বাহৰ এয়া প্ৰথম বৈষ্ণো দেৱী মন্দিৰ দৰ্শন । মহানৱমী উপলক্ষে মন্দিৰত তেওঁ বিশেষ পূজা আগবঢ়ায় । ইয়াৰ পাছতে মন্দিৰৰ পৰা প্ৰায় ডেৰ ঘণ্টাৰ দূৰত্বত থকা ৰাজৌৰীত মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভা সম্বোধন কৰিব (Amit Shah rally at Rajouri)।

ৰাজৌৰীৰ পৰা তেওঁ জম্মুলৈ উভতি আহিব য'ত তেওঁ কনভেনশ্যন কেন্দ্ৰত বিজেপি নেতাসকলক সাক্ষাৎ কৰিব (Amit Shah to meet top leader of BJP)। কনভেনশ্যন কেন্দ্ৰত মন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । সূত্ৰৰ মতে মন্ত্ৰীগৰাকীয়ে জম্মুৰ ৰঘুনাথ মন্দিৰো দৰ্শন কৰিব (Amit Shah to visit Raghunath temple)। কাশ্মীৰলৈ যোৱাৰ পূৰ্বে তেওঁ কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰিব বুলিও জানিব পৰা গৈছে ।

সন্ধিয়া গৃহমন্ত্ৰীয়ে অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব । বুধবাৰে শ্বাহে শ্ৰীনগৰৰ ৰাজভৱনত অনুষ্ঠিত হ'বলগীয়া এখন বৈঠকত জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিব । ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে সেনা, অৰ্ধসামৰিক বাহিনী, ৰাজ্যিক আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব (Amit Shah meeting at Jammu)।

মন্ত্ৰীগৰাকী তাৰ পাছত বাৰামুলাত এখন ৰাজহুৱা সভা সম্বোধন কৰিব (Amit Shah Baramulla rally)। কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণ সমাপ্ত কৰাৰ পূৰ্বে অমিক শ্বাহে বিয়লি শ্ৰীনগৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । জম্মু-কাশ্মীৰৰ বাকাৰৱাল আৰু গুজ্জৰৰ দৰে সম্প্ৰদায়ে ৰাইজৰ কল্যাণৰ বাবে কাম কৰাৰ বাবে মোডী চৰকাৰৰ হৈ অমিত শ্বাহক সন্মান জনাব ।

লক্ষণীয়ভাৱে, মোডী চৰকাৰে শেহতীয়াকৈ গুজ্জৰ সম্প্ৰদায়ৰ গোলাম আলীক ৰাজ্যসভালৈ মনোনীত কৰিছে (BJP nominates Ghulam Ali to Rajya Sabha)। আলীয়ে ২০০৮ চনত বিজেপিত যোগদান কৰিছিল । ৰাজ্যিক গোটৰ বৈঠক আৰু দলৰ সাংসদ আৰু বিধায়কসকলৰ সৈতে বৈঠককে ধৰি কেইবাখনো সাংগঠনিক বৈঠকত উপস্থিত থাকিব গৃহ মন্ত্ৰীগৰাকী ।

২০১৯ চনৰ আগষ্টত মোডী চৰকাৰে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত অমিত শ্বাহৰ জম্মু আৰু কাশ্মীৰলৈ এয়া দ্বিতীয় ভ্ৰমণ । ইফালে, শ্বাহে সোমবাৰে গুজ্জৰ-বাকাৰৱাল, ৰাজপুত, পাহাৰী আৰু জম্মু শিখ সম্প্ৰদায়কে ধৰি বিভিন্ন সম্প্ৰদায়ৰ লোকসকলক সাক্ষাৎ কৰে ।

লগতে পঢ়ক :Article 370 abrogation : কাশ্মীৰত কমিছে হিংসা, বিকাশ পৰ্যটনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.