ETV Bharat / bharat

Al Qaeda operative held: জম্মু-কাশ্মীৰত অল-কায়েদাৰে জড়িত সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

author img

By

Published : Nov 7, 2022, 9:26 PM IST

Al Qaeda operative held
জম্মু-কাশ্মীৰত আল-কায়েদাৰে জৰিত সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰত পুনৰ গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী (Militant Arrested in JK) ৷ ধৃত সন্ত্ৰাসবাদীটো পশ্চিমবংগৰ মাশিতা হাওৰাৰ বাসিন্দা ৷ সন্ত্ৰাসবাদীটোৰ পৰা এটা চীনা হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

নিউজ ডেস্ক, 7 নৱেম্বৰ: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলে ৷ জম্মু-কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে এনে এক অভিযানৰ সময়তে এটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে (Terrorist arrested in JK) ৷ ধৃত সন্ত্ৰাসবাদীটো অল-কায়েদাৰে জড়িত বুলি জানিব পৰা হৈছে ৷ সন্ত্ৰাসবাদীটোৰ পৰা এটা হেণ্ড গ্ৰেণেডো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

ধৃত সন্ত্ৰাসবাদীটো পশ্চিমবংগৰ মাশিতা হাওৰাৰ বাসিন্দা আমিৰুদ্দিন খান বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে ৷ জম্মু কাশ্মীৰ আৰক্ষীয়ে জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰামবানৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত সন্ত্ৰাসবাদীটোক । আৰক্ষীয়ে ধৃত সন্ত্ৰাসবাদীটোৰ পৰা এটা চীনা হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে (Chinese grenade seized ) ৷

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰামবান আৰক্ষী থানাত বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, অস্ত্ৰ আইন আৰু বিস্ফোৰক আইনৰ ধাৰাত এটা গোচৰ ৰুজু কৰিছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে জম্মু কাশ্মীৰ আৰক্ষীয়ে ।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে পুৱাও বাৰামুলাৰ পৰা দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে(Jammu Kashmir police) । ধৃত সন্ত্ৰাসবাদী দুটা বান্দিপোৰা জিলাত এটা আই ই ডি (IED) সংস্থাপনত জড়িত আছিল ৷ আৰক্ষীয়ে সন্ত্ৰাসবাদী দুটাৰ হাতৰ পৰা দুটা ৰিম'ট-নিয়ন্ত্ৰিত আই ই ডিও উদ্ধাৰ কৰিছিল (Terrorist arrested in baramula of JK) ।

লগতে পঢ়ক : Militant Arrested in JK : ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ জম্মু কাশ্মীৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.