ETV Bharat / bharat

Militant Arrested in JK : ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ জম্মু কাশ্মীৰ আৰক্ষীৰ

author img

By

Published : Nov 7, 2022, 5:33 PM IST

militant arrested
militant arrested

উগ্ৰপন্থীয়ে ১৫ অক্টোবৰত উত্তৰ কাশ্মীৰ জিলাৰ বান্দিপোৰাৰ কেনুচা-আষ্টাংগো অঞ্চলত প্ৰায় ১৮ কিলোগ্ৰাম ওজনৰ আৰু দুটা গেছ চিলিণ্ডাৰ লগোৱা আই ই ডি স্থাপন কৰিছিল (IED planted by militant in JK) । বিস্ফোৰক কেইটা সুৰক্ষা বাহিনীৰ দ্বাৰা চিনাক্ত কৰি পিছত ধ্বংস কৰা হয় ।

নিউজ ডেস্ক, ৭ নৱেম্বৰ : জম্মু-কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে কয় যে, বিগত মাহত জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাত এটা আই ই ডি (IED) সংস্থাপনত জড়িত দুটা সন্ত্ৰাসবাদীক বাৰামুলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে (Jammu Kashmir police) । আৰক্ষীয়ে তেওঁলোকৰ হাতৰ পৰা দুটা ৰিম'ট-নিয়ন্ত্ৰিত আই ই ডিও উদ্ধাৰ কৰিছে (Terrorist arrested in baramula of JK) ।

"ছাপোৰ আৰক্ষীয়ে কেনুচা বান্দিপোৰাত শেহতীয়াকৈ সংঘটিত আই ই ডি (improvised explosive devices) বিস্ফোৰণৰ ঘটনাটোক কঠোৰভাৱে গ্ৰহণ কৰিছে (IED blast incident at Kenusa Bandipora) । তাৰেই পৰিপ্ৰেক্ষিতত কেনুচা বান্দিপোৰাৰ ইৰছাদ গাণাই ওৰফে চাহিদ আৰু ৱাছিম ৰাজা নামৰ ২ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে ।

ধৃত সন্ত্ৰাসবাদী দুটাৰ পৰা ডিটোনেটৰৰ সৈতে ২ টা ৰিম'ট নিয়ন্ত্ৰিত আই ই ডি উদ্ধাৰ কৰা হৈছে । সন্ত্ৰাসবাদী দুটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে ।" কাশ্মীৰ আঞ্চলিক আৰক্ষীয়ে এটা টুইটযোগে এই কথা কয় ।

উল্লেখ্য, সন্ত্ৰাসবাদীয়ে ১৫ অক্টোবৰত উত্তৰ কাশ্মীৰ জিলাৰ বান্দিপোৰাৰ কেনুচা-আষ্টাংগো অঞ্চলত প্ৰায় ১৮ কিলোগ্ৰাম ওজনৰ আৰু দুটা গেছ চিলিণ্ডাৰ লগোৱা আই ই ডি স্থাপন কৰিছিল । বিস্ফোৰক সঁজুলিটো সুৰক্ষা বাহিনীৰ দ্বাৰা চিনাক্ত কৰি পিছত ধ্বংস কৰা হয় । যাৰ ফলত এক ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো ।

লগতে পঢ়ক :Unusual Death in Rajasthan : বাতৰি কাকত পঢ়ি থাকোতেই ঢলি পৰি মৃত্যু হ’ল ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.