ETV Bharat / bharat

Dalai Lama is suffering from cold : এইমছত ভৰ্তি হোৱা নাই দালাই লামা

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 1:21 PM IST

অসুস্থ দালাই লামাক এইমছৰ একাংশ চিকিৎসকে হোটেলত স্বাস্থ্য পৰীক্ষা কৰিছে । ব্যক্তিগত সচিবৰ মতে চিন্তাৰ কোনো কাৰণ নাই । তেওঁক এইমছত ভৰ্তি কৰা হোৱা নাই বুলি নিশ্চিত কৰে কৰ্তৃপক্ষই ।

Dalai Lama is suffering from cold
এইমছত ভৰ্তি হোৱা নাই দালাই লামা

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ : শেহতীয়াকৈ তিব্বতীয় আধ্যাত্মিক গুৰু দালাই লামা চৰ্দিত ভুগি থকাৰ কথা পোহৰলৈ আহিছে । একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি দালাই লামাক অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান ভৰ্তি কৰোৱা হৈছে । তেওঁক দেওবাৰে এইমছৰ সুকীয়া ৱাৰ্ডত ভৰ্তি কৰোৱা বুলিও খবৰ ওলাইছিল । কিন্তু এই কথা অস্বীকাৰ কৰে নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান কৰ্তৃপক্ষই ।

নতুন দিল্লীৰ এইমছৰ বিষয়াসকলে দেওবাৰে স্পষ্ট কৰি দিয়ে যে তিব্বতীয় আধ্যাত্মিক গুৰু দালাই লামাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হোৱা নাই । অৱশ্যে, এইমছৰ সূত্ৰই কৈছে যে দালাই লামাই প্ৰতিষ্ঠানটোৰ চিকিৎসকসকলৰ পৰা পৰামৰ্শ লৈছিল ।

ইফালে আধ্যাত্মিক গুৰুৰ ঘনিষ্ঠ সূত্ৰই কৈছে যে এইমছৰ চিকিৎসকসকলে তেওঁক নতুন দিল্লীৰ এখন হোটেলত পৰীক্ষা কৰিছিল য'ত তেওঁ আছে । দালাই লামাৰ ব্যক্তিগত সচিব চিমি ৰিগজিনে ধৰ্মশালাত মন্তব্য কৰা মতে তিব্বতীয় আধ্যাত্মিক গুৰু স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীত আছে । ৰিগজিনে কোৱা মতে দালাই লামা নিৰন্তৰ চৰ্দিত ভুগি আছিল । কিন্তু চিন্তা কৰাৰ কোনো কাৰণ নাই আৰু অহা দুই-তিনি দিনৰ ভিতৰত তেওঁ ধৰ্মশালালৈ উভতি আহিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

দেওবাৰে দালাই লামাৰ কাৰ্যালয়ে কয় যে তিব্বতীয় আধ্যাত্মিক গুৰুৱে উত্তৰ-পূবৰ ৰাজ্য ছিকিম ভ্ৰমণ কৰাৰ কথা আছিল । কিন্তু শেহতীয়াকৈ হোৱা বানৰ বিপৰ্যয়ৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ছিকিমলৈ প্ৰস্তাৱিত ভ্ৰমণ স্থগিত ৰাখিছে । ১৬ ৰ পৰা ২২ অক্টোবৰলৈ আধ্যাত্মিক দালাই লামাৰ গেংটক আৰু চালুগাৰালৈ পৰিকল্পিত ভ্ৰমণ পৰৱৰ্তী জাননীলৈকে পিছুৱাই দিয়া হৈছে বুলি তেওঁৰ কাৰ্যালয়ে এক বিবৃতিত জনাইছে । উল্লেখ্য যে বুধবাৰে পুৱতি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানৰ ফলত এতিয়ালৈকে ছিকিমৰ ৪ খন জিলাৰ প্ৰায় ৪১,৮৭০ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক :CWC meet 2023 : আজি অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং সমিতিৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.