ETV Bharat / bharat

Instagramতো উপলব্ধ হ’ব নেকি AI Chatbot ? ব্যৱহাৰকাৰীৰ বাবে অতি শীঘ্ৰেই আহিব নতুন বৈশিষ্ট্য

author img

By

Published : Jun 7, 2023, 6:00 PM IST

AI Chatbot will also be available on Instagram? New feature can be brought soon for users
Instagramতো উপলব্ধ হ’ব নেকি AI Chatbot ? ব্যৱহাৰকাৰীৰ বাবে অতি শীঘ্ৰেই আহিব নতুন বৈশিষ্ট্য

যদি আপুনি মেটাৰ জনপ্ৰিয় ভিডিঅ’ আৰু ফটো শ্বেয়াৰিং প্লেটফৰ্ম ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে, তেন্তে এই নতুন আপডেটটো কেৱল আপোনাৰ বাবেহে অনা হৈছে । বাতৰি অনুসৰি কোম্পানীটোৱে AI-chatbotৰ বৈশিষ্ট্যৰ ওপৰত কাম কৰি আছে ।

যদি আপুনি মেটাৰ জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে, তেন্তে আমি আপোনাৰ বাবে এটা নতুন আপডেট লৈ আহিছো । অতি সোনকালে আপুনি ইনষ্টাগ্ৰামত Artificial Intelligence based AI chatbotৰ সুবিধা লাভ কৰিবলৈ ওলাইছে ।

নতুন AI-chatbot য়ে কি কি কাম সহজ কৰি তুলিব ?

সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি কোম্পানীটোৱে এআই ভিত্তিক চেটবট ফিচাৰৰ ওপৰত কাম কৰি আছে । আচলতে ইনষ্টাগ্ৰামত অনা নতুন বৈশিষ্ট্যই ব্যৱহাৰকাৰীক তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সহায় কৰিব । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে AI chatbot ৰ পৰাও যিকোনো পৰামৰ্শ ল’ব পাৰিব । নতুন এআই চেটবটে ব্যৱহাৰকাৰীসকলক বাৰ্তা ৰচনা কৰাতো সহায় কৰিব ।

AI Metaৰ নামত নতুন বৈশিষ্ট্য আহি আছে ?

মেটাৰ ইমেজ আৰু ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্মত Chatত ব্যৱহাৰ কৰা হ’ব এই নতুন AI chatbot । কথোপকথনৰ অংশ হোৱা দুজন ব্যৱহাৰকাৰীয়ে এই AI chatbotত প্ৰৱেশ কৰিব পাৰিব । যদিহে প্ৰতিবেদন বিশ্বাস কৰিব লাগে তেন্তে ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম প্লেটফৰ্মত ৩০ জন এআই ব্যক্তিৰ সৈতে মত বিনিময় কৰিব পাৰিব ।

খবৰ অনুসৰি এই নতুন AI chatbot feature AI Meta নামেৰে চাব পাৰিব । এই নতুন বৈশিষ্ট্যটো দেখা গৈছে Send Message Without A Notification ৰ বিকল্পৰ সৈতে। অৰ্থাৎ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে এই AI chatbot ব্যৱহাৰ কৰিব পাৰিব আনজন ব্যৱহাৰকাৰীয়ে ইয়াৰ বিষয়ে অৱগত নোহোৱাকৈ ।

কোনটো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত AI chatbot বৈশিষ্ট্য আছে ?

জনাই দিও যে, ইনষ্টাগ্ৰাম আৰু মেটাৰ পৰা AI chatbot মুকলি কৰাৰ তথ্য এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই । একে সময়তে এই বৈশিষ্ট্য মুকলিৰ তাৰিখৰ কোনো তথ্য নাই । জনা যায় যে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মে চেটজিপিটি সন্দৰ্ভত ব্যৱহাৰকাৰীৰ ক্ৰমাৎ ক্ৰমাৎ উন্মাদনা দেখাৰ পিছতহে এআই চেটবটৰ সুবিধা সংযোজন কৰিছে । শেহতীয়াকৈ স্নেপচ্যাটে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে এআই চেটবট বৈশিষ্ট্যও মুকলি কৰিছে ।

লগতে পঢ়ক: Musk on Owning Twitter : টুইটাৰ চলোৱাটো যথেষ্ট বেদনাদায়ক: এলন মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.