ETV Bharat / bharat

Kedarnath Yatra 2923 : 1 মে'ৰ কেদাৰনাথ যাত্ৰাৰ বাবে 30 হাজাৰ ভক্তৰ পঞ্জীয়ন

author img

By

Published : Apr 29, 2023, 9:21 PM IST

উত্তৰাখণ্ডত বতৰৰ নিজৰ ৰূপ অব্যাহত আছে । তুষাৰপাতৰ ফলত চাৰধামৰ তাপমাত্ৰা সন্ধিয়াৰ ভাগত -3 ডিগ্ৰীত উপনীত হৈছে । যাৰ ফলত ভক্তসকলে খোজকাঢ়ি যোৱাত আৰু চাৰধামত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । বতৰ বিজ্ঞান বিভাগেও ৩ মে'লৈকে চাৰধামত তুষাৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে । তাৰ মাজতে ভক্তসকলৰ মাজত চাৰধামক লৈ যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে । 1 মে'ৰ বাবে 30,000 ভক্তই কেৱল কেদাৰনাথ ধামৰ বাবে পঞ্জীয়ন কৰিছে (Kedarnath Yatra 2023) ।

Kedarnath Yatra 2923
Kedarnath Yatra 2923

নিউজ ডেস্ক, ২৯ এপ্ৰিল : চাৰধাম যাত্ৰাত ভক্তসকলৰ বাবে বতৰ এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে (sardham Yatra 2023) । চাৰধামত নিৰন্তৰ তুষাৰপাত হৈ আছে । ৰুদ্ৰপ্ৰয়াগ আৰক্ষী প্ৰশাসনেও বতৰৰ ৰেহৰূপ চাইহে ৰাইজক আগবাঢ়ি যাবলৈ আহ্বান জনাইছে । একে সময়তে চৰকাৰে বাবা কেদাৰনাথলৈ যোৱা ভক্তসকলক ১ মে'ৰ পিছতহে নিজৰ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছে । কিয়নো ১ মে'ৰ বাবে প্ৰায় ৩০ হাজাৰ লোকে বাবা কেদাৰনাথলৈ যাবৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে (30000 people registered for kedarnath yatra) । এই তথ্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ।

উল্লেখ্য, কেদাৰনাথ ধামত বৰষুণ আৰু তুষাৰপাত অব্যাহত আছে । আনহাতে, তুষাৰপাতৰ পিছত কেদাৰনাথ ধামত তাপমাত্ৰা নিৰন্তৰ হ্ৰাস পাইছে । যাৰ ফলত ইয়াত ঠাণ্ডা বৃদ্ধি পাইছে । ফলত বৃদ্ধ তীৰ্থযাত্ৰীসকলৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে । কেদাৰনাথ ধামত এতিয়ালৈকে চাৰিজন লোকৰ মৃত্যু হৈছে । এই তীৰ্থযাত্ৰীসকলৰ মৃত্যুৰ কাৰণ ঠাণ্ডা আৰু অক্সিজেনৰ অভাৱৰ বাবে হৃদৰোগ বুলি কোৱা হৈছে । সন্ধিয়াৰ সময়ত তাপমাত্ৰা বিয়োগ 3 ডিগ্ৰীত (-3) উপনীত হৈছে । এনে পৰিস্থিতিত যাত্ৰীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । এতিয়ালৈকে দুই হাজাৰৰো অধিক যাত্ৰীয়ে চিকিৎসা গ্ৰহণ কৰিছে (Kedarnath Yatra 2023) ।

  • Uttarakhand | Due to bad weather in Kedarnath, the pilgrims coming here for darshan have been requested to leave for Kedarnath by 11.30 am from Sonprayag & by 1 pm from Gaurikund. After this, the passengers will be prohibited from visiting Kedarnath Dham: Mayur Dixit, DM… pic.twitter.com/4kwGhCcn6F

    — ANI UP/Uttarakhand (@ANINewsUP) April 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

জিলা প্ৰশাসনৰ মতে, বিগত পাঁচ দিনত ৭০,০০০ তকৈও অধিক তীৰ্থযাত্ৰীয়ে বাবা কেদাৰনাথ ভ্ৰমণ কৰিছে । একে সময়তে যাত্ৰীৰ অতিমাত্ৰা ভিৰৰ বাবে সোণপ্ৰয়াগত দীঘলীয়া শাৰীৰ সৃষ্টি হয় । চাৰধামৰ বেয়া বতৰৰ বাবে তীৰ্থযাত্ৰীসকলক সোণপ্ৰয়াগৰ পৰা কেৱল পুৱা 10 বজালৈকে প্ৰেৰণ কৰা হৈছে । সোণপ্ৰয়াগৰ যাত্ৰীসকলক শ্বাটল সেৱাৰ জৰিয়তে গৌৰীকুণ্ডলৈ প্ৰেৰণ কৰা হৈছে । গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ ধামলৈ 16 কিলোমিটাৰ দীঘল শাৰীৰ সৃষ্টি হয় (Kedarnath Dham reached minus three degrees) ।

সোণপ্ৰয়াগ আৰু গৌৰীকুণ্ডত থকা বেৰিকেডসমূহ পুৱা ৪ বজাত খোলা হৈছে । বৰ্তমান বেয়া বতৰৰ বাবে গৌৰীকুণ্ডৰ বেৰিকেড দুপৰীয়া ১২ বজাত বন্ধ কৰা হৈছে । ধামলৈ যোৱা তীৰ্থযাত্ৰীসকলে পুৱা ১০ বজাৰ আগতে সোণপ্ৰয়াগ পাব লাগিব আৰু তেওঁলোকৰ পঞ্জীয়ন পৰীক্ষা কৰাইহে আগলৈ যাত্ৰা কৰিব পাৰিব । যদি বতৰ বেয়া থাকে আৰু যাত্ৰীসকল পুৱা 10 বজাৰ পিছত সোণপ্ৰয়াগ পায়, তেন্তে তেওঁলোকে যাত্ৰা কৰিবলৈ আন এটা দিন অপেক্ষা কৰিব লাগিব পাৰে । ইফালে উত্তৰাখণ্ডত ৩ মে'লৈকে বৰষুণ আৰু তুষাৰপাতৰ সতৰ্কতা জাৰি কৰা হৈছে ।

  • आगामी 01 मई को श्री #KedarnathDham के दर्शनाथ अब तक लगभग 30 हजार श्रद्धालु अपना रजिस्ट्रेशन करवा चुके हैं। यात्रियों से अनुरोध है कि श्रद्धालुओं की बढ़ती संख्या के दृष्टिगत यात्रा मार्ग पर असुविधा से बचने के लिए वे 01 मई के बाद अपना रजिस्ट्रेशन करवाएं।

    — CM Office Uttarakhand (@ukcmo) April 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষক ডঃ বিশাখা প্ৰকাশ কৰা মতে, বতৰৰ প্ৰতি লক্ষ্য ৰাখিহে এই যাত্ৰা পৰিচালনা কৰা হৈছে । সোণপ্ৰয়াগত পঞ্জীয়ন পৰীক্ষা কৰাৰ পিছত যাত্ৰীসকলক আগলৈ প্ৰেৰণ কৰা হৈছে । তীৰ্থযাত্ৰীসকলে পুৱা ৪ বজাৰ পৰা কেদাৰনাথ ধামলৈ যোৱাৰ বাবে গৌৰীকুণ্ডৰ বেৰিকেড মুকলি কৰা হৈছে ।

লগতে পঢ়ক : Covid cases in India : যোৱা দুদিনত দেশত ক'ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.