ETV Bharat / bharat

Elon Musk: টুইটযোগে Apple তথা Amazonলৈ ইলন মাস্কৰ ধন্যবাদ জ্ঞাপন

author img

By

Published : Dec 4, 2022, 6:40 PM IST

After Apple Amazon will also start advertising on Twitter Elon Musk says Thanks
টুইটযোগে Apple তথা Amazonলৈ ইলন মাস্কৰ ধন্যবাদ জ্ঞাপন

আইফোন নিৰ্মাতা কোম্পানী এপলে টুইটাৰত বিজ্ঞাপন আৰম্ভ কৰিছে । ইয়াৰ উপৰিও ই-কমাৰ্চ প্লেটফৰ্ম আমাজনো টুইটাৰলৈ ঘূৰি আহিব কৰিব পাৰে । দেওবাৰে এক টুইটযোগে ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে ইলন মাস্কে ৷

নিউজ ডেস্ক, 4 ডিচেম্বৰ: আইফোন নিৰ্মাতা কোম্পানী এপলে টুইটাৰত বিজ্ঞাপন আৰম্ভ কৰিছে । ইয়াৰ উপৰিও ই-কমাৰ্চ প্লেটফৰ্ম আমাজনো টুইটাৰলৈ ঘূৰি আহিব পাৰে । দেওবাৰে এক টুইটযোগে ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ইলন মাস্কে(Elon Mask Tweet) ৷ আমাজনে প্ৰতি বছৰে প্ৰায় ১০ কোটি ডলাৰ (প্ৰায় ৮১৪ কোটি টকা) মূল্যৰ এড মাইক্ৰ’ব্লগিং প্লেটফৰ্মটিত পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । এক প্ৰতিবেদনৰ জৰিয়তে পোহৰলৈ আহিছে এই কথা ।

অৱশ্যে, এই সন্দৰ্ভত এতিয়াও ৰাজহুৱাভাৱে কোম্পানী তিনিটাই কোনো কথা ঘোষণা কৰা নাই । ইলন মাস্ক টুইটাৰৰ মুৰব্বী হোৱাৰ পিছত বহু বিজ্ঞাপনদাতাই মাইক্ৰ’ব্লগিং প্লেটফৰ্মত বিজ্ঞাপন দিয়া বন্ধ কৰি দিছে । এপলৰ পিছত যদি আমাজনেও টুইটাৰলৈ ঘূৰি আহে তেন্তে ইয়াক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু বিজ্ঞাপনদাতাৰ মাজত চলি থকা যুদ্ধ হ্ৰাস কৰাৰ লক্ষণ হিচাপে চাব পাৰি ।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি শনিবাৰে এক বাৰ্তালাপৰ সময়ত মাস্কে কয় যে, এপল হৈছে ছ’চিয়েল মিডিয়া নেটৱৰ্কৰ সৰ্ববৃহৎ বিজ্ঞাপনদাতা । বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীয়ে দুঘণ্টা ধৰি কথা পাতিছিল, যি অনুষ্ঠানত উপস্থিত আছিল ৯০ হাজাৰৰো অধিক দৰ্শক ।

এপলৰ CEOৰ সৈতে বৈঠক

চলিত মাহৰ আৰম্ভণিতে মাস্কে আইফোন নিৰ্মাতা কোম্পানীটোৰ মুখ্য কাৰ্যালয়ত এপলৰ চিইঅ’ টিম কুকক সাক্ষাৎ কৰিছিল । মাস্কে এপল পাৰ্কৰ মুখ্য কাৰ্যালয়ৰ এটা পুখুৰীৰ ভিডিঅ’ টুইটাৰত পোষ্ট কৰে । ইয়াত টুইটাৰ শ্বীফ আৰু এপলৰ শীৰ্ষ কাৰ্যবাহীৰ ছাঁ দেখা যায় । কেইঘণ্টামান লগ পোৱাৰ পিছত মাস্কে কয় যে দুয়োৰে মাজত এক বাৰ্তালাপ হৈছে(Meeting with Apple CEO Elon Mask) ।

ভুল বুজাবুজি দূৰ হ’ল

মাস্কে কয় যে, টুইটাৰক এপ ষ্ট’ৰৰ পৰা সম্ভাৱ্যভাৱে আঁতৰাই পেলোৱাৰ বিষয়ে ভুল বুজাবুজি দূৰ কৰা হৈছে । মাস্কে লগতে কয় যে, এপলৰ চিইঅ’ই স্পষ্টভাৱে কেতিয়াও এই কাম কৰাৰ কথা ভবা নাই । উল্লেখ্য যে, শেহতীয়াকৈ মাস্কে এপলৰ ওপৰত অভিযোগ উত্থাপন কৰি কৈছিল যে, আইফোন নিৰ্মাতা কোম্পানীটোৱে এপ ষ্ট’ৰৰ পৰা টুইটাৰ আঁতৰোৱাৰ ভাবুকি দিছে ।

  • Just a note to thank advertisers for returning to Twitter

    — Elon Musk (@elonmusk) December 4, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বিজ্ঞাপনদাতাসকলক ধন্যবাদ

ইলন মাস্কে টুইটাৰৰ দায়িত্ব লোৱাৰ পিছৰে পৰা বহু কোম্পানীয়ে টুইটাৰত বিজ্ঞাপন দিয়া বন্ধ কৰি দিছে । General Mills আৰু Pfizerৰ দৰে বিশাল কোম্পানীয়ে ভুল তথ্য আৰু ঘৃণামূলক টুইটৰ সৈতে মোকাবিলা কৰিবলৈ টুইটাৰৰ নীতি সম্পৰ্কীয় বিজ্ঞাপন বন্ধ কৰি দিছে । একে সময়তে মাস্কেও টুইটাৰযোগে টুইটাৰলৈ ঘূৰি অহাৰ বাবে বিজ্ঞাপনদাতাসকলক ধন্যবাদ জনাইছে ।

লগতে পঢ়ক: Elon Mask Tweet: ভাৰতীয় ফ'ল'ৱাৰক 'নমস্তে' জনাই সম্বোধন ইলন মাস্কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.