ETV Bharat / bharat

Accidental Grenade Blast in J&K: আকস্মিক গ্ৰেণেড বিস্ফোৰণত দুই সেনা শ্বহীদ

author img

By

Published : Jul 18, 2022, 10:17 AM IST

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত আকস্মিকভাৱে গ্ৰেণেড বিস্ফোৰণ (Accidental Grenade Blast)৷ এই দুৰ্ঘটনাত এজন সেনা বিষয়া আৰু এগৰাকী জোৱান শ্বহীদ হয় ৷ লগতে 4 জন আহত হয় (Accidental Grenade Blast in Mendhar Sector) ৷
Accidental Grenade Blast in Mendhar Sector
Accidental Grenade Blast in Mendhar Sector

জম্মু কাশ্মীৰ, 18 জুলাই : জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ মেন্ধৰ ছেক্টৰত ভয়ংকৰ অঘটন ৷ সেনাৰ কৰ্তব্যৰত অৱস্থাতে আকস্মিকভাৱে এটা গ্ৰেণেড বিস্ফোৰণ হয় (Accidental Grenade Blast) ৷ এই দুৰ্ঘটনাত এজন সেনা বিষয়া (JCO) আৰু এগৰাকী জোৱান শ্বহীদ হয় ৷ লগতে 4 জন জোৱান আহত হয় (Accidental Grenade Blast in Mendhar Sector ) ৷

দেওবাৰে নিশা নিয়ন্ত্ৰণ ৰেখাত সৈন্যবাহিনীয়ে তেওঁলোকৰ দায়িত্ব পালন কৰি থকা অৱস্থাত সংঘটিত হোৱা এই ঘটনাত আহতসকলক তৎক্ষণাৎ হেলিকপ্তাৰৰে উধামপুৰলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসা চলি থকাৰ সময়তে এগৰাকী জেচিঅ' আৰু এজন সেনা বিষয়া মৃত্যুৰ মুখত পৰে (Army personals martyred in Kashmir) ৷ আন চাৰিজন জোৱানৰ চিকিৎসা চলি আছে ৷

লগতে পঢ়ক: Jammu-Kashmir encounter: জম্মু-কাশ্মীৰৰ এনকাউন্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.