ETV Bharat / bharat

Ahmedabad crime: প্ৰেমিকাক হত্যা কৰি জ্বলাই দিলে প্ৰেমিকে

author img

By

Published : May 28, 2023, 8:07 PM IST

(Shocking planning to killed girlfriend)
প্ৰেমিকাক হত্যা কৰি জ্বলাই দিলে প্ৰেমিকে

প্ৰেমৰ নামত নৃশংসতা ! বিবাহিত প্ৰেমিকে প্ৰেমিকাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পনা কৰিলে বলীউডৰ দৰে থ্ৰিলাৰ কাহিনী (lover killed girlfriend) ৷ এবছৰৰ পিচত পোহৰলৈ আহিল প্ৰেমিকাক হত্যা নিশাৰ শিহৰণকাৰী কাহিনী (Shocking planning to killed girlfriend) ৷

নিউজ ডেস্ক, 28 মে’ : বিবাহ বহিৰ্ভূত প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ বিবাহিত প্ৰেমিকে প্ৰেমিকাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পনা কৰিলে বলীউডৰ দৰে থ্ৰিলাৰ কাহিনী (lover killed girlfriend) ৷ উল্লেখ্যে যে, বিগত এবছৰৰ পূৰ্বে আহমেদাবাদৰ পালদি অঞ্চলত বাস কৰা এগৰাকী যুৱতী নিৰুদ্দিষ্ট হৈছে বুলি বাতৰি প্ৰকাশ হৈছিল (Shocking planning to killed girlfriend)৷ তাৰ পিচৰে পৰাই আৰক্ষীয়ে যুৱতীগৰাকীক বিচাৰি অভিযান অব্যাহত ৰাখিছিল ৷ আৰক্ষীৰ অনুসন্ধানৰ পিচতে এতিয়া পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা ৷

প্ৰেমিক সুৰজে আৰক্ষীক দিয়া ঘটনাৰ বিৱৰণী অনুসৰি 2022 চনৰ 19 জুন তাৰিখে ধাৰা কাডীৱালা নামৰ এগৰাকী যুৱতীয়ে জুনাগঢ়স্থিত নিস বাসগৃহলৈ গৈছিল (Woman mysterious death) ৷ ধাৰাই আহমেদাবাদৰ সুৰজ ভুৱাজী নামৰ প্ৰেমিক আৰু মীত শ্বাহ নামৰ এগৰাকী বন্ধুৰ সৈতে আহমেদাবাদলৈ ৰাওনা হৈছিল ৷ তাৰ পিচতেই দুয়োয়ে ধাৰাত নিজ বাসগৃহত থৈ হোটেলত থকাৰ ব্যৱস্থা কৰিছিল ৷ তাৰ পিচত 20 জুনত ধাৰাই পুৱাই নিজৰ ঘৰৰ সকলো বস্তু বন্ধু মীতৰ ঘৰত থৈ নিখোজ হৈছিল ৷ তাৰ পিচতে মীতে যুৱতীগৰাকীৰ নিৰুদ্দিষ্ট হোৱাৰ গোচৰ ৰুজু কৰিছিল (Dhara murder case) ৷ সেই দিনাই দুপৰীয়া ধাৰাৰ ফোনৰ পৰা প্ৰেমিক সুৰজলৈ হোৱাটছএপ্প যোগে এটা মেছেজ আহে যে, মই তোমাৰ জীৱনৰ পৰা একেবাৰে আঁতৰি আহিছো ৷ মই নিজেই তোমাৰপৰা দূৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো, মই নিবিচাৰো যে তুমি মোক বিচৰাৰ নামত আৰক্ষীৰ মেৰপাচত পৰা ৷

এই ঘটনাৰ প্ৰায় এমাহৰ পিচতে মীত নামৰ ধাৰাৰ এগৰাকী ভাতৃয়ে আৰক্ষীৰ ওচৰত গোচৰ দাখিল কৰে যে তেওঁৰ ভগ্নী যোৱা এমাহৰ পৰা নিখোজ হৈ আছে , সুৰজৰ লগত তেওঁৰ ভগ্নীয়ে বাস কৰিছিল ৷ এই গোচৰৰ পিচতে আৰক্ষীয়ে যুৱতীগৰাকীক বিচাৰি তদন্ত আৰম্ভ কৰে ৷ গোচৰটোৰ তদন্তৰ পিচত পোহৰলৈ আহে প্ৰকৃত সত্য ৷

প্ৰকৃততে ধাৰাৰ প্ৰেমিক সুৰজ এজন বিবাহিত পুৰুষ আছিল ৷ ধাৰা আৰু সুৰজে ইজনে সিজনক 2021 চনৰ পৰা চিনি পাইছিল ৷ লাহে লাহে দুয়োৰে বন্ধুত্বই প্ৰেমলৈ ৰূপান্তৰিত হৈছিল ৷ সুৰুজে বিবাহপাশত আৱদ্ধ হোৱাৰ পিচৰে পৰা ধাৰাৰ লগত বেলেগকৈ থাকিবলৈ সুবিধা পাইছিল ৷ সুৰজে নিজ পৰিয়ালৰ লগত থাকিবলৈ বিচাৰিছিল ৷ এই কথাকে লৈ ধাৰা আৰু সুৰজৰ প্ৰায়েই কাজিয়া হৈছিল ৷ সুৰজৰ এটা সন্তানো আছিল ৷ ধাৰাই কোনোপধ্যেই সুৰজে তেওঁৰ পৰিয়ালৰ লগত থকা তথাত সহমত দিয়া নাছিল ৷ সেই সময়তে ধাৰাই সুৰজৰ বিৰুদ্ধে এক ধৰ্ষণৰ গোচৰো দাখিল কৰিছিল ৷ সেই গোচৰটোৰ বিচাৰ উচ্চ ন্যায়ালয়ত চলি আছিল। তেনে সময়ত তেওঁলোক দুয়োৰে মাজত কাজিয়াৰ মীমাংসা হৈছিল আৰু তেওঁলোকে জুনাগড়ত একেলগে থাকিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই ধাৰাৰ ব্যৱহাৰত অতিষ্ঠ হৈ সুৰজে মীত শ্বাহৰ লগত লগ হৈ ধাৰাক হত্যা কৰাৰ জঘন্য পৰিকল্পনা কৰিছিল ৷

সেই পৰিকল্পনা অনুসৰিয়েই ধাৰাক সুৰজৰ নিজৰ গাঁও ভাটাৱাচলৈ লৈ গৈছিল সুৰজে ৷ এগৰাকী অধিবক্তাক ধন দিবলৈ থকা বুলি নিশা প্ৰায় 11 বজাত গাঁওখনত প্ৰৱেশ কৰিছিল সুৰজ, ধাৰা আৰু মীত নামৰ বন্ধুজনে ৷ সুৰজে ধন দিবলৈ অহাৰ অজুহাতত গাড়ীৰ পৰা নামি আহঁতোই পৰিকল্পনা অনুসৰি ঘটনাস্থলীত সুৰজৰ দুই ভাতৃ উপস্থিত হৈ ধাৰাক গাড়ীৰ ভিতৰতে ভাতৃ সুৰজৰ জীৱনৰ পৰা আঁতৰি যাবলৈ দাবী ধমকি দিয়ে ৷ সেই সময়তে গাড়ীখনৰ পিচৰ ছীটত বহি থৰা মীত শ্বাহে এখন স্কাৰ্ফেৰে ধাৰাৰ ডিঙিত চেপা মাৰি ধৰি শ্বাসৰুদ্ধ কৰি ধাৰাক হত্যা কৰে ৷

ইফালে পৰিকল্পনা অনুসৰি সুৰজৰ বন্ধু মুকেশে পূৰ্বেই ধাৰাৰ মৃতদেহৰ চিন চাব নোহোৱা কৰিবলৈ পেট্ৰ’লৰ ব্যৱস্থা কৰিবলৈ কৈ থৈছিল ৷ তাৰ পিচত ধাৰাৰ মৃতদেহটো এখন নিৰ্জন ঠাইলৈ লৈ গৈ মীত, সুৰজ, মুকেশ, সুৰজৰ দুই ভাতৃ যুৱৰাজ আৰু গুঞ্জনে শুকান কাঠ গোটাই ধাৰাৰ মৃতদেহটো জ্বলাই দিয়ে ৷

এই হত্যাকাণ্ডটো সংঘটিত কৰি সুৰজ আৰু মীতে আহমেদাবাদলৈ আহিছিল আৰু ধাৰাৰ মৃতদেহ সম্পূৰ্ণৰূপে জ্বলি যোৱালৈকে আন বন্ধুসকলে ঘটনাস্থলীত উপস্থিত আছিল। পিচত, তেওঁ এখন বেলেগ গাড়ীত আহমেদাবাদলৈ আহে। যেতিয়া সুৰজ আৰু মীতে আহমেদাবাদত উপস্থিত হৈ সুৰজৰ বন্ধু সঞ্জয় ছোহেলিয়াক ধাৰাৰ কাপোৰ পৰিধান কৰি গাড়ীৰ ভিতৰত বহিবলৈ বাধ্য কৰিছিল। তেতিয়া গাড়ীখনৰ ভিতৰত ধাৰাকে ধৰি ৩ জন লোকৰ উপস্থিতি চিচিটিভিত বন্দী হৈছিল।

পৰৱৰ্তী সময়ত সুৰজ আৰু মীতে ধাৰা নিখোজ হোৱাৰ গোচৰ তৰিবলৈ আৰক্ষীৰ কাষ চাপিছিল ৷ সেই সময়তে সুৰজৰ ভাতৃ গুঞ্জন যোশীয়ে ধাৰা ফোনৰ পৰা সুৰজৰ লগত সম্পৰ্ক শেষ কৰাৰ কথা কৈ হোৱাটছএপযোগে মেছেজ কৰিছিল। সেই সময়ত সুৰজ পাল্দি আৰক্ষী থানাত উপস্থিত হৈ এই মেছেজটো আৰক্ষীক দেখুৱাই আৰক্ষীৰ বিশ্বাস ল’বলৈ সমৰ্থ হৈছিল।

পৰৱৰ্তী সময়ত আৰক্ষীৰ সন্দেহ উপজাত সুৰজক মাৰাথান জেৰা কৰোঁতে সকলো কথা পোহৰলৈ আহে ৷ সম্প্ৰতি আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত গুঞ্জন যোশী, সুৰজ ওৰফে ভুৱজী, মুকেশ চোলাংকি, যুৱৰাজ চোলাংকি , সঞ্জয় ছোহেলিয়া,যুগল শ্বাহ, মীট শ্বাহ, আৰু মনা শ্বাহকে ধৰি আঠ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। অপৰাধীকেইটাৰ বিৰুদ্ধে হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু জুনাগড়ৰ বাসিন্দা ধাৰাৰ প্ৰমাণ নোহোৱা কৰাৰ চেষ্টাৰ কৰাৰ অভিযোগ পঞ্জীয়ন কৰা হৈছে ৷ আৰক্ষীয়ে অধিক তদন্তৰ বাবে জুনাগড় বি ডিভিজন আৰক্ষীক অভিযুক্তকেইটাক গতাই দিয়ে।

লগতে পঢ়ক: Central Vista Project : চেণ্ট্ৰেল ভিষ্টাৰ পুনৰ্বিকাশ পৰিকল্পনা কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.