ETV Bharat / bharat

Manipur update: মণিপুৰত পুনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

author img

By

Published : Jun 7, 2023, 10:36 PM IST

Etv Bharat
Etv Bharat

নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি নিয়া অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ বাবে মণিপুৰত অব্যাহত আছে অভিযান ৷ বুধবাৰে নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ (Arms and Ammunition) ৷

তেজপুৰ, 7 জুন: মণিপুৰলৈ বৰ্তমানেও ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা ৷ ৰাজ্যখনলৈ পুনৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে কোনো উগ্ৰপন্থী গোটে যাতে কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নিৰাপত্তাৰক্ষীয়েও চলাই আছে অভিযান ৷

Manipur update
মণিপুৰত সেনাৰ অভিযান অব্যাহত

বুধবাৰেও নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত চলায় অভিযান ৷ সংঘাতৰ সময়ত নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি নিয়া অস্ত্ৰসমূহ উদ্ধাৰৰ বাবেও অব্যাহত ৰখা হৈছে প্ৰচেষ্টা ৷ বুধবাৰে অভিযান কালত বুধবাৰে নিৰাপত্তাৰক্ষীৰ দলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ ভিতৰত 29 টা বন্দুকৰ (অধিকাংশ স্বয়ংক্ৰিয়) লগতে মৰ্টাৰ, হেণ্ড গ্ৰেণেড, পিষ্টল, সক্ৰিয় গুলী, ৱাকি টকি আদি উদ্ধাৰ কৰা হয় (Arms cache recovered in Manipur) ৷

বিগত 24 ঘণ্টাৰ ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানত মুঠ 57 টা বন্দুক উদ্ধাৰ কৰাৰ লগতে 318 টা সক্ৰিয় গুলী আৰু পাঁচটা বোমা উদ্ধাৰ কৰা হয় ৷ আনহাতে বৰ্তমানলৈকে 868 টা অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে 11,518 টা সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে ৷ বুধবাৰে মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদিপ সিংঙে সদৰী কৰে এই তথ্য (Manipur violence update) ৷

উল্লেখ্য যে মণিপুৰৰ জনসাধাৰণক নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি নিয়া অস্ত্ৰ-শস্ত্ৰসমূহ সম্বৰণ কৰা বাবে কিছুদিন পূৰ্বে এক সংবাদমেলযোগে আহ্বান জনাইছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৷ শীঘ্ৰেই অস্ত্ৰসমূহ সম্বৰণ নকৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ আধাৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়নি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে (Manipur crisis) ৷

মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বান প্ৰতি সহাৰি জনাই যথেষ্ট সংখ্যক লোকে অস্ত্ৰ সম্বৰণ কৰে যদিও বৰ্তমানেও লুকুৱাই ৰখা হৈছে বহু অস্ত্ৰ ৷ বিগত 3 জুন তাৰিখেও মণিপুৰৰ বিভিন্ন অঞ্চলত অসম ৰাইফলছ,ভাৰতীয় সেনা, আৰক্ষী আৰু চিআৰপিএফে চলোৱা যৌথ অভিযানত উদ্ধাৰ কৰা হয় অস্ত্ৰভাণ্ডাৰ ৷ এই অভিযানকালত 40 টা স্বয়ংক্ৰিয় (Automatic) ৰাইফল, মৰ্টাৰ, সক্ৰিয় গুলী, গ্ৰেণেড আৰু ৱাকি টকি উদ্ধাৰ কৰা হয় (Arms recovered in Manipur) ৷

লগতে পঢ়ক: BSF Jawan killed in Manipur : মণিপুৰত উগ্ৰপন্থীৰ গুলীত নিহত বিএছএফৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.