ETV Bharat / bharat

ত্ৰিপুৰাৰ আইজিএম চিকিৎসালয়ত ভুৱা চিকিৎসক আটক

author img

By

Published : May 4, 2021, 5:11 PM IST

মঙলবাৰে ত্ৰিপুৰাৰ আইজিএম চিকিৎসালয়ত আটক হ'ল এজন ভুৱা চিকিৎসক । ডিঙিত ষ্টেথ'স্ক’প লৈ চিকিৎসালয়খনত চিকিৎসকৰ দৰে টহল দি আছিল এজন যুৱকে । পিছত প্ৰসূতি ৱাৰ্ডৰ প্ৰৱেশদ্বাৰত নিয়োজিত নিৰাপত্তাৰক্ষীৰ সন্দেহ হৈ চিকিৎসালয় কৰ্তৃপক্ষক অৱগত কৰে ।

A fake doctor held in Tripura's IGM hospital
ত্ৰিপুৰাৰ আই জি এম চিকিৎসালয়ত ভুৱা চিকিৎসকক আটক

নেশ্যনেল ডেস্ক,4 মে': ত্ৰিপুৰাৰ আগৰতলাত আইজিএম চিকিৎসালয়ত চিকিৎসকৰ বেশত মানসিক ৰোগী । চিকিৎসকৰ দৰে ডিঙিত ষ্টেথ'স্ক’প লৈ প্ৰসূতি ৱাৰ্ডত প্ৰৱেশ কৰিবলৈ লওঁতেহে পোহৰলৈ আহিল সত্য । সাগৰ দেৱনাথ নামৰ এজন যুৱকে চিকিৎসকৰ বেশ ধৰি চিকিৎসালয়খনত টহল দি আছিল । পিছত প্ৰসূতি ৱাৰ্ডৰ প্ৰৱেশদ্বাৰত নিয়োজিত নিৰাপত্তাৰক্ষীৰ যুৱকজনৰ ওপৰত সন্দেহ হয় আৰু ইয়াৰ পিছতে চিকিৎসালয়খনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

নিৰাপত্তাৰক্ষীয়ে চিকিৎসালয়ৰ ঊৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে । পিছত যুৱকজনক আটক কৰি এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি ৰখা হয় । চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষী, নাৰ্চ আৰু চাফাই কৰ্মচাৰীসকলে মাতৃক ফোনযোগে খবৰ দিবলৈ কয় । পিছত মাতৃ চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতহে যুৱকজনে মানসিক ৰোগত ভূগি থকাৰ কথা পোহৰলৈ আহে । এই সন্দৰ্ভত যুৱকজনক সোধা-পোছা কৰাত কয় যে, তেওঁ চিকিৎসক নহয়, কিন্তু চিকিৎসকৰ দৰে অভিনয় কৰিব বিচাৰে ।

তেওঁ আনকি নিজে স্বীকাৰ কৰে যে, তেওঁ মানসিক ৰোগত ভূগি আছে । দীৰ্ঘদিন ধৰি মানসিক ৰোগত ভোগাৰ বাবে অষ্টম শ্ৰেণীতে শিক্ষা সমাপ্ত কৰিবলগীয়া হৈছিল যুৱকজনে । তেওঁ এজন নিৰাপত্তাৰক্ষীৰ পৰা ১,০০০ টকা ধাৰ লৈছিল আৰু তেওঁৰ মাতৃয়ে সোনকালে এই ধনখিনি ঘূৰাই দিব বুলিও তেওঁ কয় ।

তেওঁৰ মাতৃয়ে জনোৱা মতে, তেওঁক উন্নত চিকিৎসাৰ বাবে শিলচৰলৈ লৈ যোৱা হৈছিল কিন্তু আৰ্থিক অনাটনৰ বাবে চিকিৎসা ভালদৰে গ্ৰহণ কৰিব পৰা নাছিল । ফলত পুনৰ আগৰ সমস্যাবোৰ দেখা দিছে । যুৱকজনৰ আইতাকে চিকিৎসালয়খনতে কাম কৰিছিল আৰু সেইবাবে এই চিকিৎসালয়খনৰ সৈতে শৈশৱৰ পৰাই তেওঁৰ এক সম্পৰ্ক আছে । আইতাকৰ মৃত্যুৰ পিছত তেওঁ চিকিৎসালয়লৈ অহা নাছিল ।

আইজিএমৰ নিৰাপত্তাৰক্ষীসকলৰ মতে, বিগত কেইবাদিনো ধৰি তেওঁ চিকিৎসালয়খন লৈ গৈ আছিল আৰু কেইবাগৰাকীও বিষয়াৰ সৈতে বাৰ্তালাপ কৰিছিল । লগতে নিৰাপত্তাৰক্ষীসকলক গালি-গালাজো কৰিছিল । সোমবাৰে তেওঁক এগৰাকী নাৰ্চে চিনাক্ত কৰে । আনহাতে, ঘটনাৰ বিষয়ে খবৰ পোৱাৰ পিছতে পশ্চিম আগৰতলা আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে ততাতৈয়াকৈ চিকিৎসালয়ত উপস্থিত হৈ সাগৰ দেৱনাথক আটক কৰে ।

লগতে পঢ়ক: ভাৰতবৰ্ষত শিক্ষা খণ্ডৰ জৰুৰী অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.