ETV Bharat / bharat

World record: সংবিধানৰ মৌলিক কৰ্তব্য আৰু উদ্দেশ্য পাঠ কৰি বিশ্ব অভিলেখ

author img

By

Published : Aug 15, 2023, 10:59 PM IST

World record
সংবিধানৰ মৌলিক কৰ্তব্য আৰু উদ্দেশ্য পাঠ কৰি বিশ্ব অভিলেখ

স্বাধীনতা দিৱস দিনাই প্ৰায় ৫৫ লাখ ছাত্ৰ-ছাত্ৰীয়ে সংবিধানৰ মৌলিক কৰ্তব্য আৰু উদ্দেশ্য পাঠ কৰি গঢ়িলে অভিলেখ । ৰাজস্থান শিক্ষা বিভাগৰ অধীনত ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে গঢ়ে এই অভিলেখ । বিশ্ব অভিলেখৰ ভাৰতৰ অধিকাৰীয়ে ৰাজস্থানৰ শিক্ষা বিভাগক ইয়াৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে ।

নিউজ ডেস্ক, ১৫ আগষ্ট: দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাজস্থানৰ শিক্ষা বিভাগে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় । ৰাজ্যখনৰ প্ৰায় ৫৫ লাখ ছাত্ৰ-ছাত্ৰীয়ে পুৱা ৮:১৫ বজাৰ পৰা ৮:৩০ বজাৰ ভিতৰত সংবিধানৰ মৌলিক কৰ্তব্য আৰু উদ্দেশ্য পাঠ কৰি এই অভিলেখ গঢ়ে । শিক্ষা বিভাগৰ সচিব নবীন জৈনে এই সন্মান মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী অশোক গেহলটক উৎসৰ্গা কৰে ।

শিক্ষা বিভাগৰ সচিব নবীন জৈনে কয় যে, ৰাজ্যখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়তে মঙলবাৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীসকলে সংবিধানৰ প্ৰস্তাৱনা আৰু মৌলিক কৰ্তব্যৰ সামূহিক পাঠদান কৰে । শিক্ষা বিভাগৰ তৰফৰ পৰা ৬৫ হাজাৰৰো অধিক চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত ফোন কৰি ইয়াৰ বাবে আহ্বান জনোৱা হৈছিল ৷

বিগত মাহত মন্ত্ৰীসভাই লোৱা সিদ্ধান্তমৰ্মে সংবিধানৰ প্ৰস্তাৱনা আৰু মৌলিক কৰ্তব্যসমূহ শিশুসকলক পাঠ কৰিবলৈ পৰিকল্পনা কৰা হৈছিল । ১৫ আগষ্টৰ দিনটোত পুৱা ৮:১৫ বজাৰ পৰা ৮:৩০ বজাৰ ভিতৰত স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ অহা সকলো ছাত্ৰ-ছাত্ৰীয়ে সংবিধানৰ উদ্দেশ্য আৰু মৌলিক কৰ্তব্যসমূহ একেলগে পঢ়িব বুলি সিদ্ধান্ত লোৱা হয় । ইয়াক পৰ্টেলত ৰেকৰ্ড কৰা হৈছিল । বৰ্তমানলৈ প্ৰায় ৫৫ লাখ ছাত্ৰ-ছাত্ৰীৰ তথ্য লাভ কৰা হৈছে ৷

যাৰ ভিত্তিত ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছৰ ভাৰতৰ অধিকাৰীয়ে ৰাজ্যখনৰ শিক্ষা বিভাগক অস্থায়ী প্ৰমাণ পত্ৰ প্ৰদান কৰিছে । শিক্ষা বিভাগৰ সচিব নবীন জৈনে এই সন্মান মুখ্যমন্ত্ৰী অশোক গেহলটক সমৰ্পণ কৰে । তেওঁ আৰু কয় যে আজি সন্ধিয়াৰ ভিতৰত সম্পূৰ্ণ তথ্য লাভ কৰা হ’ব । ২ দিনৰ পিছত চূড়ান্ত প্ৰমাণপত্ৰ লণ্ডনৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছৰ দ্বাৰা প্ৰদান কৰা হ’ব । অনুমান কৰা হৈছে যে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭৫ৰ পৰা ৮০ লাখলৈ বৃদ্ধি পাব পাৰে । ইয়াৰোপৰি আগন্তুক সময়ত ন' বেগ ডে'ৰ দিনটোত চলি থকা বিভিন্ন কাৰ্যসূচীৰ অধীনত ২৬ আগষ্টত গুড টাচ বেড টাচ সন্দৰ্ভত এক বৃহৎ সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হ'ব ।

লগতে পঢ়ক: Opposition Unity: মুম্বাই বৈঠকৰ পূৰ্বে বুধবাৰে অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিব নীতিশ কুমাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.