ETV Bharat / bharat

6 members of two family died: দুটাকৈ দুৰ্ঘটনাত নিমিষতে ছাৰখাৰ দুটাকৈ পৰিয়াল

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 5:03 PM IST

6 members of two family died
দুটাকৈ দুৰ্ঘটনাত নিমিষতে ছাৰখাৰ দুটাকৈ পৰিয়াল

কৰ্ণাটকৰ টুমকুৰত একেদিনাই নিঃশেষ হ’ল দুটাকৈ পৰিয়াল ৷ দুটা পৃথক পৃথক দুৰ্ঘটনাত দুটা পৰিয়ালৰ 6 গৰাকীকৈ লোক মৃত্যু হয় ৷

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ : কৰ্ণাটকৰ টুমকুৰত ভয়ংকৰ অঘটন সংঘটিত হৈছে ৷ একেদিনাই ছাৰখাৰ হ’ল দুটাকৈ পৰিয়াল ৷ দুটা পৃথক পৃথক দুৰ্ঘটনাত দুটা পৰিয়ালৰ 6 গৰাকীকৈ লোক মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈছে ৷

প্ৰথমটো ঘটনা টুমকুৰৰ পাণ্ডিথানাহাল্লি ৰে’লপথৰ সমীপত সংঘটিত হয় ৷ একেটা পৰিয়ালৰ তিনিজন সদস্যই ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম বাচি লয় ৷ ঋণ পৰিশোধ কৰিব নোৱাৰি একেটা পৰিয়ালৰ পিতৃ, মাতৃ আৰু কন্যাই আত্মহত্যা কৰে ৷ পৰিয়ালটোৰ তিনিওগৰাকী সদস্যই সোমবাৰে পুৱা পাণ্ডিথানাহাল্লি ৰে’লপথত আত্মহত্যা কৰে ৷ মৃত তিনিগৰাকী হ’ল সিদ্ধগংগায়া (62), সুনন্দাম্মা আৰু গীতা ৷

টুমকুৰৰ মাৰালুৰৰ বাসিন্দা সিদ্ধগংগায়াই দুবছৰৰ পূৰ্বে কে.ই.বি.ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ তাৰ পিচতে সিদ্ধগংগাই বাংগালোৰৰ মল্লেশ্বৰমৰ ওচৰৰ কেচি জেনেৰেল হাস্পতালৰ সমীপত এখন চাহৰ দোকান খুলিছিল ৷

ইতিমধ্যে ঘটনাস্থলীত যশৱন্তপুৰ ৰে’লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা টুমকুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ তাৰ পিচতে ৰে’লৱে আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰীক্ষা কৰিছে ৷ ঘটনা সন্দৰ্ভত যশৱন্তপুৰ ৰে’ল আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ৷

আনহাতে দ্বিতীয়টো ঘটনাত, টুমকুৰ জিলাৰ কোৰাটাগেৰে তালুকৰ আৰাচাপুৰ গেটৰ ওচৰত সোমবাৰে এখন ট্ৰাক আৰু দুচকীয়া বাহনৰ মাজত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত ঘটনাস্থলীতেই তিনিজন লোকৰ মৃত্যু হয় ৷ মৃতকেইজন পৱন (20), বালাজী (18) আৰু অনিতা (40) বুলি চিনাক্ত কৰা হৈছে ৷ এই দুৰ্ঘটনাত মাতৃসহ দুই পুত্ৰ থিতাতে মৃত্যু মুখত পৰে ৷ মৃত আটাইকেইজন মধুগিৰিৰ বীৰেনাহাল্লি তাণ্ডাৰ বাসিন্দা ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ট্ৰাক চালকজন পলায়ন কৰিছিল ৷ কোৰাটাগেৰৰ উপ-পৰিদৰ্শক চেতন কুমাৰসহ আৰক্ষীৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ এই সন্দৰ্ভত কোৰাটাগেৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে তিনিওটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Buldhana accident : শুই থকা অৱস্থাতে ট্ৰাকে মহতিয়াই মাৰিলে 10 শ্ৰমিকক, আহত কেবাজনো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.