ETV Bharat / bharat

Mouth ulcer home remedy: মুখৰ আলচাৰৰ বাবে খোৱাত অসুবিধা হৈছে নেকি ? ৫টা ঘৰুৱা উপায়েৰে পাওক সকাহ

author img

By

Published : Jan 27, 2023, 1:17 PM IST

5 Natural Remedies To Cure Mouth Ulcers
মুখৰ আলচাৰৰ বাবে খোৱাত অসুবিধা হৈছে নেকি ? ৫টা ঘৰুৱা উপায়েৰে পাওক সকাহ

মুখৰ আলচাৰে আমাৰ খাদ্য-পানীয়ত প্ৰায়ে অসুবিধাৰ সৃষ্টি কৰে । এনে পৰিস্থিতিত যদি আপুনিও এই সমস্যাৰ বাবে অশান্তি পাইছে, তেন্তে এই ঘৰুৱা উপায়েৰে আপুনি ইয়াৰ পৰা মুক্তি পাব পাৰে ।

মুখৰ আলচাৰ এনেকুৱা এটা সমস্যা, যাৰ বাবে মানুহ প্ৰায়ে অসুবিধা পায়(How can I get rid of a canker sore fast)। পেটৰ লগত জড়িত যিকোনো ধৰণৰ সমস্যাৰ বাবে প্ৰায়ে মুখৰ পৰা ফোহা ওলায়(Canker sore) । ফোহাৰ বাবে খাদ্য খোৱাতো অসুবিধাৰ সৃষ্টি হয় আনকি দূৰৈত কথা ক’বলৈও অসুবিধা হয় । মুখৰ ভিতৰত যিকোনো ঠাইত, জিভা, আঁঠু, ওঁঠত ফোহা হ’ব পাৰে । এইটো এটা বেদনাদায়ক সমস্যা, যাৰ বাবে খোৱা-বোৱাও কঠিন হৈ পৰে(how to cure mouth ulcers fast)। যদি আপুনি এই সমস্যাত অসুবিধা পাইছে আৰু শীঘ্ৰে ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে এই ঘৰুৱা উপায়সমূহৰ সহায়ত আপুনি ইয়াৰ পৰা মুক্তি পাব পাৰে(Mouth Ulcer Causes Symptoms Diagnosis Treatment)।

মৌ

বহু গুণেৰে সমৃদ্ধ মৌ আলচাৰৰ সমস্যাৰ বাবে অতি উপকাৰী(best mouth ulcer treatment)। ইয়াত থকা এন্টিবেক্টেৰিয়েল গুণে ফোহাৰ বেক্টেৰিয়াক নিধন কৰাত অতি ফলপ্ৰসূ । এনে পৰিস্থিতিত যদি আপুনিও ফোঁহাই অসুবিধা পায়, তেন্তে অলপ কপাহত এচামুচ মৌ লৈ আক্ৰান্ত অংশত লগালে সকাহ পাব(how to cure mouth ulcer in one day)।

ফিটকিৰি

মুখৰ আলচাৰৰ পৰা মুক্তি পাবলৈও ফিটকিৰি ব্যৱহাৰ কৰিব পাৰে(mouth ulcer home remedy)। যদি আপুনি আলচাৰৰ সমস্যাত ভুগিছে, তেন্তে এগিলাচ পানীত এচামুচ ফিটকিৰি মিহলাই দিনটোত দুবাৰৰ পৰা তিনিবাৰকৈ মুখ ধুব । এনে কৰিলে আপুনি সোনকালে সকাহ ইয়াৰ পৰা সকাহ পাব(how to cure mouth ulcers fast)।

হালধি

ঔষধি গুণেৰে সমৃদ্ধ হালধি বহু সমস্যাৰ ঔষধ । এন্টি চেপ্তিক গুণেৰে সমৃদ্ধ হালধিয়ে বহু ৰোগৰ পৰা সকাহ দিয়ে ৷ মুখৰ আলচাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হালধি ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ বাবে এগিলাচ পানীত দুচামুচ হালধি গুড়ি দি উতলাই লওক । এতিয়া এই পানী ঠাণ্ডা কৰাৰ পিছত ইয়াৰ গাৰ্গল কৰিলে শীঘ্ৰে আলচাৰৰ পৰা সকাহ পাব ।

ঘিউ

মুখৰ আলচাৰৰ পৰাও সকাহ পাবলৈ ঘিউ ব্যৱহাৰ কৰিব পাৰে । আলচাৰৰ বাবে ঘিউ অতি ফলপ্ৰসূ বুলি বিবেচিত হৈছে । এনে অৱস্থাত মুখৰ ফোহা নোহোৱা কৰিবলৈ এটা আঙুলিত অলপ ঘিউ লৈ লগাব পাৰে ৷ এনে কৰিলে আলচাৰৰ সমস্যাৰ পৰা শীঘ্ৰে সকাহ পোৱাত সহায় কৰিব ।

বৰফৰ টুকুৰা

মুখৰ আলচাৰ হ’লে প্ৰায়ে বিষ আৰু জ্বলা-পোৰা অনুভৱ কৰা হয় । এনে পৰিস্থিতিত যদি আপোনাৰ ফোহা হয়, তেন্তে ইয়াৰ বাবে আপুনি বৰফৰ টুকুৰা ব্যৱহাৰ কৰিব পাৰে । ফোহাবোৰৰ ওপৰত বৰফৰ টুকুৰা এটা ৰাখিলে জ্বলা-পোৰাৰ পৰা সকাহ পাব । ইয়াৰ লগতে ফোহাবোৰো বেছি বাঢ়িব নোৱাৰে । দিনটোত তিনি-চাৰিবাৰ এই কাম কৰিলে সোনকালে আপুনি আলচাৰৰ পৰা সকাহ পাব ।

লগতে পঢ়ক: Healthy future of girls: বালিকাৰ সুস্থ ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় পুষ্টি-পৰিষ্কাৰ-পৰিচ্ছন্নতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.