ETV Bharat / bharat

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক দুৰ্যোগত পাঁচ মাহত ভাৰতীয় সেনাৰ 40 জন জোৱান শ্বহীদ

author img

By

Published : Jul 6, 2022, 10:41 PM IST

Army jawans martyred in North east
Army jawans martyred in North east

বিগত ফেব্ৰুৱাৰী মাহৰ পৰা জুন মাহৰ ৩০ তাৰিখলৈকে ভাৰতীয় সেনাবাহিনীৰ 40 জন সেনাৰ জোৱান আৰু বিষয়া শ্বহীদ হ’ব লগীয়া হৈছে উত্তৰ-পূৰ্বাঞ্চলত (Army jawans martyred in North east)। সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ ইয়াৰ ভিতৰত প্ৰধানকৈ অৰুণাচল আৰু মণিপুৰত প্ৰাকৃতিক দুৰ্যোগত শ্বহীদ হৈছে সৰহ সংখ্যক সেনা (40 Indian Army personnel were killed in five months in natural disasters) ৷

তেজপুৰ, ৬ জুলাই : উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ বাবে সুৰক্ষা বাহিনীৰ লোক বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে (Natural disaster in North East)। বিগত ফেব্ৰুৱাৰী মাহৰ পৰা জুন মাহৰ ৩০ তাৰিখলৈকে ভাৰতীয় সেনাবাহিনীৰ 40 জন সেনাৰ জোৱান আৰু বিষয়া শ্বহীদ হ’ব লগীয়া হৈছে (40 Indian Army personnel were killed in five months in natural disasters) । অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত দৈনন্দিন তহল দিবলৈ যোৱাৰ সময়ত প্ৰচণ্ড তুষাৰ পাতৰ ফলত একেদিনাই 7 জন সেনা জোৱান শ্বহীদ হৈছিল । চলিত বৰ্ষৰ 6 ফেব্ৰুৱাৰীত হোৱা এই ভয়ানক দুৰ্ঘটনাৰ পিছত সেনাৰ উদ্ধাৰকাৰী দলক চাৰিদিন লাগিছিল তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ ।

A total of 40 Indian Army jawans martyred in last five months for natural disaster in northeast
সেনাৰ উদ্ধাৰ অভিযান

কিন্তু আজিও সন্ধান লাভ কৰা নাই ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ ছাগলাগাম অঞ্চলত নদীৰ সোঁতত উটি যোৱা দুজন ভাৰতীয় সেনাৰ ।
নায়ক প্ৰকাশ সিং ৰানা আৰু লেঞ্চ নায়ক হৰেন্দ্ৰৰ সিং যোৱা ২৮ মে'ত সীমান্ত অঞ্চলত তহলদাৰী গোটৰ লগত আছিল আৰু সন্ধিয়াৰ পিছত সেনা জোৱান দুজনৰ ঘৰৰ লোকৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক হোৱা নাছিল ।

A total of 40 Indian Army jawans martyred in last five months for natural disaster in northeast
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক দুৰ্যোগত পাঁচ মাহত ভাৰতীয় সেনাৰ 40 জন জোৱান শ্বহীদ

সেনাৰ সূত্ৰই দুয়োজন সেনা জোৱান খৰস্ৰোতা নদীত পিচলি পৰি উটি যোৱা বুলি জানিবলৈ দিয়ে । আঞ্জাও জিলাৰ ভাৰত-চীন সীমান্ত পূব দিশে অৱস্থিত ছাগলাগাম অঞ্চলত সংঘটিত হৈছিল এই ঘটনা । ইয়াৰ পাছত পূব অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰিত পুনৰ এজন সেনাৰ JCO বিষয়াৰ নিৰুদেশ হোৱাৰ তথ্য 29 জুনত প্ৰকাশ কৰে ভাৰতীয় সেনাৰ তৃতীয় ক'ৰৰ পৰা । যোৱা দুটা মাহৰ ভিতৰত এইটো দ্বিতীয় ঘটনা ভাৰতীয় সেনাৰ (Army jawans died in North east)।

A total of 40 Indian Army jawans martyred in last five months for natural disaster in northeast
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক দুৰ্যোগত সেনা বাহিনীৰ বৃহৎ ক্ষতি

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই জনায় যে, নামনি সোৱণশিৰি জিলাত এক দুৰ্গম অঞ্চলত দৈনন্দিন পেট্ৰ’লিং লৈ যোৱা নায়ক চুবেদাৰ অমৰেন্দ্ৰ কুমাৰ হঠাৎ এখন ওখ ঠাইৰ পৰা পিচলি পাহাৰৰ নামনিত থকা জলাশয়ত পৰে । ৰেড শ্বিল্ড ডিভিছনৰ বিষয়াগৰাকী দলটোৰ সৈতে ২৬ জুনৰ বিয়লি ২ বজাত নামনি সোৱণশিৰি অঞ্চলত তহলদাৰী হিচাপে দায়িত্বত আছিল ।

পৰৱৰ্তী সময়ত দলটোৱে স্থানীয় লোকৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু সেনাৰ অন্য বাহিনীৰ তৰফৰ পৰা এই উদ্ধাৰ কাৰ্য চলাই আছে যদিও আজিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে ।

A total of 40 Indian Army jawans martyred in last five months for natural disaster in northeast
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক দুৰ্যোগত পাঁচ মাহত ভাৰতীয় সেনাৰ 40 জন জোৱান শ্বহীদ

এই তিনিটা দুৰ্ঘটনাৰ পিছত আন এটা আটাইতকৈ ভয়ংকৰ দুৰ্ঘটনাৰ খবৰে সমগ্ৰ ভাৰততে খলকনি লগায় । যোৱা 30 জুনত মণিপুৰৰ টুপুলত ভাৰতীয় সেনাৰ 107 টেৰীট’ৰিয়েল গোটৰ টুপুল ৰেল ষ্টেচনৰ সমীপত পুৱতি নিশা ভয়ানক ভূমিস্খলন সংঘটিত হয় (Manipur landslides update)৷ এই ঘটনাত 43 জন সেনাৰ ভিতৰত 30 জন সেনাৰ মৃত্যু হয় ৷ ইয়াৰে মুঠ 28 জন জোৱানক মৃত অৱস্থাত উদ্ধাৰ কৰে 2 জনৰ মৃতদেহ উদ্ধাৰ হোৱা নাই ৷ আন 13 জনক আঘাতপ্ৰাপ্ত অৱস্থাত জীৱন্তে উদ্ধাৰ কৰা হয় । সেনাৰ দ্বাৰা চলোৱা উদ্ধাৰ কাৰ্যত মুঠ ১৩ জন সেনাৰ জোৱান আৰু ৫ জন সাধাৰণ লোকক জীৱন্তে উদ্ধাৰ কৰা বুলি সেনাৰ তৃতীয় ক’ৰৰ মুখপাত্ৰই জনায় (Army jawans killed in Manipur)।

সেনাৰ বাহিনীৰ দলটো মণিপুৰ জিৰিবাম ৰেল ষ্টেচন লাইনৰ পুনৰ নিৰ্মাণ কাৰ্যৰ সংৰক্ষণৰ দায়িত্বত আছিল । এই ভূমিস্খলনত শ্ৰমিক হিচাপে নিয়োজিত ৰেলৱে কোম্পানীৰ অধীনত কাম কৰা অসমৰ কেইবাজনো লোকৰ মৃত্যু হয় । মনকৰিবলগীয়া যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি ভূমিস্খলন হোৱা ৰাজ্য অৰুণাচল প্ৰদেশ ৷ কিন্তু এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় কেইখন ৰাজ্যতে ভয়ানক প্ৰাকৃতিক দুৰ্যোগ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক: মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন লেঃ কৰ্ণেল কে. ডি. পাণ্ডেৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.