ETV Bharat / bharat

Myanmarese Army personnel detained in Mizoram: মিজোৰাম আৰক্ষীৰ জিম্মাত ৩৯ গৰাকী ম্যানমাৰৰ সেনা জোৱান

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 1:33 PM IST

Myanmarese Army personnel arrested in Mizoram
মিজোৰাম আৰক্ষীৰ জিম্মাত ৩৯ গৰাকী ম্যানমাৰৰ সেনা জোৱান

মিজোৰামৰ ভাৰত ম্যানমাৰৰ সীমান্তত উত্তপ্ত পৰিস্থিতি । প্ৰচণ্ড গোলাবাৰুদৰ মাজতে 39 গৰাকী ম্যানমাৰৰ জুন্টা সৈনিকে ৫ হাজাৰ শৰণাৰ্থীসহ মিজোৰামৰ চম্পাইত প্ৰৱেশ কৰে ৷ অৱশ্যে ইতিমধ্যে মিজোৰাম আৰক্ষীয়ে আটক কৰিছে সেনা জোৱানকেইজনক ।

তেজপুৰ, ১৪ নৱেম্বৰ: ভাৰত ম্যানমাৰ সীমান্তত জোখাওথাৰত সোমবাৰে ম্যানমাৰৰ সেনা আৰু বিদ্ৰোহীৰ মাজত হোৱা সংঘৰ্ষৰ মাজতে ৩৯ গৰাকী ম্যানমাৰৰ সেনা জোৱানসহ প্ৰায় ৫ হাজাৰ শৰণাৰ্থীয়ে মিজোৰামৰ চম্পাই জিলাত প্ৰৱেশ কৰে । অৱশ্যে এই ৩৯ গৰাকী ম্যানমাৰৰ সেনা জোৱানক ইতিমধ্যে মিজোৰাম আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে । ম্যানমাৰৰ উক্ত সংঘৰ্ষত ২০ জন শৰণাৰ্থী আহত হয় বুলি জানিব পৰা গৈছে ।

সোমবাৰে পুৱা কাচিন স্বতন্ত্ৰ সেনা (Kachin Independent Army চমুকৈ KIA), চিন ৰাষ্ট্ৰীয় সেনা (Chin National Army চমুকৈ CNA) আৰু চিন প্ৰতিৰক্ষা বাহিনী বিদ্রোহী গোটে (Chin Defence Force CDF) যৌথভাৱে ৰিহখোৱাদাৰ আৰু খোৱামাৱীত ম্যানমাৰ জুন্টা সেনা বেৰেকৰ লামিন দ্য কাপলেট ভে আ নামৰ শিবিৰত গুলীচালনা কৰে । ইয়াৰ পিছত ম্যানমাৰৰ যুদ্ধ বিমান আৰু হেলিকপ্টাৰে ৰিহখোৱাদাৰ আৰু খোৱামাৱীত দুবাৰকৈ ভয়ানক বোমা বিস্ফোৰণ সংঘটিত কৰে ।

আনহাতে শৰণাৰ্থীক আহাৰ দিবলৈ যোৱা জোখোৱাথাৰ এগৰাকী ৫১ বছৰীয়া শৰণাৰ্থীৰ চকুত গুলীচালনা কৰে ম্যানমাৰৰ বিদ্ৰোহীয়ে । এবছৰ ধৰি মিজোৰামৰ সীমান্তৱৰ্তী জিলাৰ এটা শিবিৰত থকা এজন ম্যানমাৰীয় শৰণাৰ্থীও ম্যানমাৰ সেনাৰ দ্বাৰা নিক্ষেপ কৰা আৰপিজিৰ পৰা এটা স্প্লিণ্টাৰৰ দ্বাৰা নিহত হয় যিটো ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। নিহত শৰণাৰ্থীজনক চুংথিয়ানমাৱিয়া (৫১) বুলি চিনাক্ত কৰা হৈছে।

এই ঘটনা সংঘটিত হোৱাৰ পাছত মুঠ সোতৰজন কেআইএ আৰু চিডিএফ আহতক মিজোৰামলৈ অনাৰ ওপৰি ৫জন আহতক ৰাজধানী আইজললৈ লৈ যোৱা হৈছে । আহতসকলক জোখোৱাথাৰৰ মাৰ্চি মেডিকেল হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱা হয় আৰু পাচত তেওঁলোকক চম্পাই জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । ইফালে খোৱামাৱী আৰু ইয়াৰ আশে-পাশে থকা গাঁৱৰ পৰা প্ৰায় ৫ হাজাৰ শৰণাৰ্থীয়ে ৩৯ গৰাকী ম্যানমাৰৰ জুন্টা সেনাৰ লগত চম্পাই জিলাত প্ৰৱেশ কৰে ।

উল্লেখ্য যে, মিজোৰামৰ চম্পাই জিলাৰ জোখোৱাথাৰ আৰু ম্যানমাৰৰ চিন ৰাজ্যৰ খোৱামাৱী গাঁৱৰ মাজৰ দূৰত্ব মাত্ৰ ৩০ মিটাৰ ৷ টিয়াউ নামৰ এখন সৰু নদীয়ে এই আন্তঃৰাষ্ট্ৰীয় সীমান্ত বিভক্ত কৰিছে । অৱশ্যে জোখোৱাথাৰৰ পৰা ৰিহখোৱাদাৰৰ দূৰত্ব প্ৰায় চাৰি কিলোমিটাৰ । ইফালে গুলীচালনাৰ ফলত মৃত্যু হোৱা ম্যানমাৰৰ শৰণাৰ্থী পু চুংথিয়ানমাৱিয়াৰ (৫১) সৎকাৰ সোমবাৰে দিনৰ ১ বজাত জোখোৱাথাৰ ৱাই এম এ হলত কৰা হয় । তেওঁৰ পত্নী বৰ্তমান ম্যানমাৰৰ তাহানত চিকিৎসাধীন হৈ আছে ।

সীমান্তৰ জোখোৱাথাৰ ৱাইএমএৰ স্থানীয় সূত্ৰত জানিব পৰা মতে, যোৱা সপ্তাহত ম্যানমাৰৰ জুন্টা সেনাক আক্ৰমণ কৰিবলৈ কেআইএ সন্ত্ৰাসবাদীয়ে চিন ৰাজ্যত প্ৰৱেশ কৰিছিল । কেআইএয়ে চিএনএ আৰু চিডিএফৰ সৈতে এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে । বৰ্তমান সীমান্তৰ পৰিস্থিতি উত্তেজনাময় হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Myanmar resistance forces : সামৰিক জুন্টাৰ বিৰুদ্ধে ম্যানমাৰৰ প্ৰতিৰোধ বাহিনীৰ ব্যাপক আঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.