ETV Bharat / bharat

যোৱা চাৰি বছৰত বাঘৰ আক্ৰমণত নিহত ২৯৩ জন লোক; হাতীয়ে প্ৰাণ ল’লে ২৬৫৭ জনৰ

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 10:57 PM IST

293 people killed in tiger attacks
Human elephant conflict in India

কেন্দ্ৰীয় পৰিৱেশ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে কয় যে যোৱা চাৰি বছৰত ভাৰতত ২৯৩ জন লোক বাঘৰ আক্ৰমণত নিহত হোৱাৰ বিপৰীতে ২,৬৫৭ জন লোক নিহত হৈছে হাতীৰ আক্ৰমণত ৷

নিউজ ডেস্ক, 7 ডিচেম্বৰ: যোৱা চাৰি বছৰত (২০১৮-২০২২) ভাৰতত বাঘৰ আক্ৰমণত ২৯৩ জন লোক নিহত হোৱাৰ বিপৰীতে ২০১৮-১৯ৰ পৰা ২০২২-২৩ চনৰ ভিতৰত হাতীৰ আক্ৰমণত ২,৬৫৭ জন লোক নিহত হৈছে ৷ কেন্দ্ৰীয় ৰাজ্যিক পৰিৱেশ মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে লিখিতভাৱে এই তথ্য শ্বেয়াৰ কৰিছে উচ্চ সদনত ।

মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৮ চনত বাঘৰ আক্ৰমণত ৩১ জন, ২০১৯ চনত ৪৯ জন, ২০২০ চনত ৫১ জন, ২০২১ চনত ৫৯ জন আৰু ২০২২ চনত ১০৩ জন লোকৰ মৃত্যু হৈছে । ইফালে হাতীৰ আক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০১৮-১৯ চনত ৪৫৭ জন, ২০১৯-২০ চনত ৫৮৬ জন, ২০২০-২১ চনত ৪৬৪ জন আৰু ২০২১-২২ চনত ৫৪৫ জন ।

"কেইবাটাও কাৰণত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বন্যপ্ৰাণীৰ আক্ৰমণৰ ঘটনা তথ্য লাভ কৰা হৈছে ৷ যাৰ ভিতৰত বাসস্থানৰ অৱক্ষয়, প্ৰাকৃতিক চিকাৰৰ ভিত্তি হ্ৰাস, স্থায়ী সুৰক্ষা প্ৰচেষ্টা আৰু পৰিৱৰ্তিত শস্যৰ ধৰণৰ বাবে বন্যপ্ৰাণীৰ জনসংখ্যা বৃদ্ধি ইত্যাদি ।’’ মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে কয় ৷

মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৩ চনৰ মাৰ্চ মাহত পৰিৱেশ মন্ত্ৰালয়ে মানুহ আৰু হাতী, গঁড়, নাহৰফুটুকী, সাপ, কুম্ভীৰ, ৰিছাছ মেকাক, বনৰীয়া গাহৰি, ভালুক, নীল গাই আৰু ঘোঙৰ মাজত সংঘাত প্ৰশমনৰ বাবে নিৰ্দিষ্ট নিৰ্দেশনা প্ৰকাশ কৰিছিল ।

মানুহ-বন্যপ্ৰাণী সংঘাত প্ৰশমনৰ প্ৰেক্ষাপটত বৃত্তিগত স্বাস্থ্য আৰু সুৰক্ষা, মানুহ-বন্যপ্ৰাণী সংঘাত সম্পৰ্কীয় পৰিস্থিতিত ভিৰ ব্যৱস্থাপনা আৰু মানুহ-বন্যপ্ৰাণীৰ পৰা উদ্ভৱ হোৱা স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা আৰু সম্ভাব্য স্বাস্থ্যজনিত বিপদৰ সমাধানৰ বাবেও সংঘাতৰ পৰিস্থিতি সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছিল ।

চৌবেয়ে লগতে কয় যে চৰকাৰে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত চলি থকা আঁচনিসমূহৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক বন্যপ্ৰাণীৰ বাসস্থান উন্নয়ন, ব্যাঘ্ৰ প্ৰকল্প আৰু হস্তী প্ৰকল্প, দেশৰ বন্যপ্ৰাণী আৰু ইয়াৰ বাসস্থান পৰিচালনাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে ৷

আঁচনিসমূহৰ অধীনত সমৰ্থিত কাম-কাজসমূহৰ ভিতৰত আছে কাঁইটীয়া তাঁৰৰ বেৰ, সৌৰশক্তিচালিত বৈদ্যুতিক বেৰ, কেকটাছ আৰু সীমাৰ দেৱাল ব্যৱহাৰ কৰি বায়’ফেন্সিং আদিৰ দৰে ভৌতিক বাধা নিৰ্মাণ, যাতে বন্যপ্ৰাণীৰ শস্য পথাৰত প্ৰৱেশ ৰোধ কৰিব পৰা যায় ।

লগতে পঢ়ক: দুৰ্লভ দৃশ্য ! ছেণ্ডেলেৰে বনৰীয়া হাতী খেদাৰ চেষ্টা, এজনৰ হাতত তাকো নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.