দুৰ্লভ দৃশ্য ! ছেণ্ডেলেৰে বনৰীয়া হাতী খেদাৰ চেষ্টা, এজনৰ হাতত তাকো নাই

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 6:13 PM IST

thumbnail

মৰিয়নী, 6 ডিচেম্বৰ : জুই লৈ বনৰীয়া হাতী খেদা দৃশ্য নিশ্চয় আপুনি দেখিছে, আপুনি হয়তো দেখিছে ফটকা ফুটাই হাতী খেদা দৃশ্যও ৷ কিন্তু এনে দৃশ্য আগতে কেতিয়াবা দেখিছিলনে? পোনপ্ৰথমবাৰৰ বাবে ছেণ্ডেলৰে বনৰীয়া হাতী খেদা এই দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷

বনৰীয়া হাতীটোৱে কাকো একো অপকাৰ নকৰাকৈ পাৰ হৈ যাবলৈ বিচাৰিছিল ৷ কিন্তু বাঘৰ আগতেল খোৱা দুই যুৱকৰে এজনে ভৰিৰ ছেণ্ডেল দুপাত হাতত তুলি লৈ হাতীটোক ভয় খুৱাবলৈ চেষ্টা কৰিছে, আনজনে আকৌ খালী হাতেৰে মুদ্ৰা এটা ধৰি হাতীটোক ভয় খুৱাবলৈ চেষ্টা কৰিছে, যেন বাৰীত সোমোৱা ছাগলীহে খেদিছে ৷ দুই অবোধ বালকৰ এইধৰণৰ আচৰণে যেন লজ্জিত কৰিছে বাহুবলী গজৰাজকো ৷ ফলত হাতীটোৱেও চোঁচা লৈছে দুই যুৱকলৈ ৷

হাতী-মানুহৰ সংঘাতৰ ফলত বহু লোকে জীৱন হেৰুওৱাৰ সময়ত বাঘৰ নেগুৰেৰে কাণ খজুওৱাৰ চেষ্টা কৰা এই দুই যুৱকৰ আজৱ কাণ্ড এতিয়া চৰ্চিত হৈছে সৰ্বত্ৰে ৷ বিশেষ মন কৰিবলগীয়া কথাটো হ’ল, এই বিৰল দৃশ্যটো ৰূপজ্যোতি কুৰ্মীৰ সমষ্টি মৰিয়নীৰ ৷

লগতে পঢ়ক : গোলাঘাটত হাতী খেদিবলৈ শকতি নাই বনবিভাগৰ, ৰাইজেই কান্ধপাতি ল’লে দায়িত্ব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.