ETV Bharat / bharat

উত্তৰ প্ৰদেশত ধাৰাসাৰ বৰষুণত ২৫ জনৰ মৃত্যু, বিদ্যালয় বন্ধ ঘোষণা

author img

By

Published : Oct 10, 2022, 8:32 AM IST

UP rain
UP rain

আইএমডিৰ (Indian Meteorological Department) মতে উত্তৰ প্ৰদেশত দেওবাৰে গড়ে 22.5 মিঃমিঃ বৰষুণ হয়, যিটো দিনটোৰ বাবে 'দীঘলীয়া সময়ৰ গড়' (long period average, LPA)তকৈ 2396 শতাংশ অধিক ।

নিউজ ডেস্ক, ১০ অক্টোবৰ : দেওবাৰে উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণ ফলত ২৫ জন লোকৰ মৃত্যু হৈছে (25 people died in heavy rain in Uttar Pradesh) । আনহাতে, বৰষুণৰ ফলত দৈনন্দিন জীৱন গুৰুতৰভাৱে ব্যাহত হৈছে । ৰাজ্যখনৰ লক্ষ্ণৌ, আলিগড়, মীৰাট, গৌতম বুদ্ধ নগৰ আৰু গাজিয়াবাদকে ধৰি এক ডজন জিলাৰ কৰ্তৃপক্ষই এক নিৰ্দেশ জাৰি কৰি ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত সোমবাৰে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে (school declared closed for heavy rain in UP)।

গোৰখপুৰ (দক্ষিণ)ৰ আৰক্ষী অধীক্ষক এ কে সিঙে কয় যে গোৰখপুৰৰ ৰাপ্তি নদীত এখন নাও ডুবি যোৱাৰ ফলত বালিৰাম সিং আৰু ব্ৰিজেশ যাদৱ নামৰ দুজন লোকৰ মৃত্যু হয় । জিলা প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, দেওবাৰে পুৱা প্ৰায় ১১ বজাত গাজিয়াবাদত বৰষুণৰ ফলত এটা ঘৰ খহি পৰাৰ ফলত এগৰাকী ৯০ বছৰীয়া মহিলাৰ মৃত্যু হয় (house collapsed due to rain in UP) ।

চৰকাৰী সূত্ৰই জনোৱা মতে, মাচুৰী আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত অকালপুৰ গাঁৱৰ শকুন্তলা দেৱী নামৰ এগৰাকী বাসিন্দা এটা জৰাজীৰ্ণ ঘৰৰ ধ্বংসস্তূপৰ তলত নিহত হয় । হাৰদৈত বজ্ৰপাতৰ ফলত দুজন কৃষকৰ মৃত্যু হয় । অতিৰিক্ত জিলা দণ্ডাধীশ বন্দনা ত্ৰিবেদীয়ে কয়, "সৱজপুৰ তহচিলত কৃষক ৰাজেন্দ্ৰ সিং চৌহান বজ্ৰপাতৰ ফলত নিহত হয় (heavy rain hit Uttar Pradesh) । একেধৰণৰ ঘটনাত পালি আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত ৰামপুৰ মিশ্ৰ গাঁৱৰ মুনিৰাজ (২৪) আৰু চত্ৰপালক (৩৫) বজ্ৰপাতে আঘাত কৰে । ইয়াৰে ভিতৰত মুনিৰাজ নিহত হোৱাৰ বিপৰীতে চত্ৰপাল আঘাতপ্ৰাপ্ত হয় ।"

আনহাতে, সীতাপুৰ জিলাত বজ্ৰপাতৰ ফলত এগৰাকী ১১ বছৰীয়া কিশোৰীৰ মৃত্যু হয় (people died in lightning in UP) । আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত কিশোৰীগৰাকীক অটৰৌলি গাঁৱৰ মেহেক বুলি চিনাক্ত কৰা হৈছে । ইটাৱাত এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে, জৌনপুৰ গাঁৱৰ মূলা দেৱী (৭৫) নামৰ এগৰাকী মহিলা বজ্ৰপাতৰ ফলত নিহত হয় ।

ইয়াৰ উপৰি বুলন্দচহৰত ধাৰাসাৰ বৰষুণৰ ফলত ঘৰ খহি পৰাৰ তিনিটা ঘটনাত এগৰাকী ১৪ বছৰীয়া কিশোৰ নিহত হয় আৰু আন কেইবাজনো লোক আহত হয় । স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, মহাৰাজপুৰ অঞ্চলত অস্থায়ী দেৱাল পৰি যোৱাৰ ফলত পৱন (১৪), গুড্ডু (১২), নিশা (১৮), শলু (১৪) আৰু লালুক (১৩) ধ্বংসস্তূপে পুতি পেলায় । চুবুৰীয়াসকলে কিশোৰকেইজনক উদ্ধাৰ কৰিলেও পৱনক চিকিৎসকে মৃত ঘোষণা কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

জিলাখনৰ দিবাই আৰু উসাদপুৰ অঞ্চলৰ পৰা পোৱা একে ধৰণৰ ঘটনাত কমেও ছয়জন আহত হৈছে । বলৰামপুৰত দুজন কিশোৰ বানপানীত উটি যায় । জিশান (১৬) নামৰ এজন কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । আনহাতে, আনজনৰ সন্ধানৰ প্ৰচেষ্টা চলি আছে ।

উল্লেখ্য, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (Indian Meteorological Department) চক্ৰ বিষয়া ৰাধা ৰমনে প্ৰকাশ কৰা অনুসৰি, দেওবাৰে ৰাজ্যখনত গড়ে ২২.৫ মিঃমিঃ বৰষুণ ৰেকৰ্ড কৰা হৈছে, যিটো দিনটোৰ বাবে 'দীঘলীয়া সময়ৰ গড়'তকৈ (long period average, LPA) 2396 শতাংশ অধিক ।

1 অক্টোবৰৰ পৰা ৰাজ্যখনত 92.3 মিঃমিঃ বৰষুণ ৰেকৰ্ড কৰা হৈছে । এই পৰিমাণ 14.4 মিঃমিঃৰ এলপিএতকৈ 500 শতাংশ অধিক । আইএমডি বিষয়াসকলে অহা ২৪ ঘণ্টাত ৰাজ্যজুৰি অধিক বৰষুণৰ পূৰ্বানুমান জাৰি কৰিছে ।

লগতে পঢ়ক :বৰফৰ আচ্ছাদনে ঢাকি ধৰিছে হেমকুণ্ড চাহিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.