শিখসকলৰ পবিত্ৰ তীৰ্থস্থান হেমকুণ্ড চাহিবত প্ৰকৃতিৰ মনোমোহা দৃশ্য (Hemkund Sahib Receives Snowfall) ৷ বৰফৰ আচ্ছাদনে ঢাকি ধৰিছে হেমকুণ্ড চাহিব ৷ যেন কোনোবাই বৰফৰ বগা চাদৰ এখন পাৰি দিছে । উল্লেখ্য যে হিমালয়ৰ শৃংগত ১৫ হাজাৰ ফুটতকৈ অধিক উচ্চতাত অৱস্থিত এই স্থান (Hemkund Sahib Snowfall) ৷ প্ৰতিবছৰে গ্ৰীষ্মকালত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্ত আহে এই স্থানলৈ । হেমকুণ্ডত যোৱা দুদিন ধৰি একেৰাহে হৈ আছে তুষাৰপাত । সেয়েহে প্ৰচণ্ড তুষাৰপাতৰ বাবে হেমকুণ্ডৰ তীৰ্থযাত্ৰা বন্ধ কৰি দিয়ে গুৰুদ্বাৰ পৰিচালনা সমিতিয়ে (Hemkund Sahib kapat closed) ৷ চাওক এই মনোমোহা দৃশ্য.....