ETV Bharat / bharat

পুলৱামাত সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত নিহত দুই

author img

By

Published : Jul 8, 2021, 1:01 PM IST

জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ ৷ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুজন অচিনাক্ত সন্ত্ৰাসবাদী ৷

2 unidentified terrorists killed in encounter with security forces in J-K's
পুলৱামাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, 8 জুলাই : জম্মু-কাশ্মীৰৰ পুলৱামাৰ পুচল অঞ্চলত বুধবাৰে মাজনিশা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় এক সংঘৰ্ষ ৷ উক্ত সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় দুজন অচিনাক্ত সন্ত্ৰাসবাদী ৷ এই সন্দৰ্ভত বৰ্তমান অনুসন্ধান চলি আছে ।

কাশ্মীৰ জ’নৰ আৰক্ষীয়ে এই সংঘৰ্ষ সম্পৰ্কে টুইট কৰিছে । জম্মু-কাশ্মীৰ আৰক্ষীয়ে পূৰ্বতে জনাইছিল যে, জম্মু-কাশ্মীৰৰ পুলৱামাৰ পুচল অঞ্চলত এক সংঘৰ্ষ সংঘটিত হৈছে ৷ কুলগামৰ জোদাৰ অঞ্চলত কুলগাম আৰক্ষী আৰু 1 আৰ আৰৰ যুটীয়া অভিযানত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (এল ই টি) সৈতে জড়িত দুজন সন্ত্ৰাসবাদীক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে ।

কুলগাম আৰক্ষী আৰু কুলগামৰ জোদাৰ অঞ্চলত ১ আৰ আৰৰ যুটীয়া অভিযানত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন এল ই টিৰ দুজন সন্ত্ৰাসবাদী নিহত হৈছে ৷

লগতে পঢ়ক: ISRO ৰ চোৰাংচোৱা গোচৰ: মেথিউছৰ অগ্ৰিম জামিন আবেদনৰ শুনানি স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.