ETV Bharat / bharat

দিল্লীত চিলিণ্ডাৰ বিস্ফোৰণত 13 জন আহত

author img

By

Published : Jun 20, 2021, 12:02 PM IST

13 injured in gas cylinder explosion in Delhi
দিল্লীৰ চিলিণ্ডাৰ বিস্ফোৰণত আহত 13 জন

দিল্লীৰ মংগোলপুৰীত ভয়ংকৰ অগ্নিকাণ্ড ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত 13 গৰাকীকৈ লোক আঘাত প্ৰাপ্ত হৈছে ৷ আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

নেশ্যনেল, 20 জুন: দিল্লীৰ মংগোলপুৰীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত নিমিষতে জাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি ৷ অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াই জনোৱা মতে, মংগোলপুৰীৰ এটি বাসগৃহত চিলিণ্ডাৰ লিকেজ হোৱাৰ ফলতে এই ভয়ানক অগ্নকাণ্ডটো সংঘটিত হয় ৷ ঘটনাস্থলীৰ পৰা কোনো লোকে খবৰ দিয়াত ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখন বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷

লগতে পঢ়ক: দৰঙত উৎখাত আঠটাকৈ চুলাইৰ ঘাটি

প্ৰায় এঘণ্টা যোৰা প্ৰচেষ্টাৰ অন্ত জুই নিৰ্বাপিত হয় যদিও অগ্নিকাণ্ডটোৰ ফলত প্ৰায় 13 গৰাকী লোক কম-বেছি পৰিমানে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত আটাইকেইজনকে বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ এই পৰ্যন্ত ক্ষয়-ক্ষতিৰ কোনো হিচাপ লাভ কৰা নাই যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: মানিকপুৰত দমকলৰ পৰা নিৰ্গত হোৱা হালধীয়া পানীৰ আঁৰৰ ৰহস্য কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.