ETV Bharat / bharat

Rashtriya Raksha University: পাছিঘাটৰ ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ত নিৰাপত্তাৰক্ষীৰ প্ৰশিক্ষণ কাৰ্যসূচী

author img

By

Published : Dec 13, 2022, 7:22 AM IST

সোমবাৰৰ পৰা পূব ছিয়াং জিলাৰ সৈনিক বিদ্যালয়ৰ নিৰাপত্তাৰক্ষীৰ বাবে ১০ দিনীয়া উন্নীতকৰণ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে (Rashtriya Raksha University in Pasighat)। অৰুণাচল প্ৰদেশৰ পাছিঘাট কেম্পাছৰ ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী ৷

Rashtriya Raksha University
Rashtriya Raksha University

তেজপুৰ, 12 ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ কেম্পাছত (Rashtriya Raksha University in Pasighat) সোমবাৰৰ পৰা পূব ছিয়াং জিলাৰ সৈনিক বিদ্যালয়ৰ নিৰাপত্তাৰক্ষীৰ বাবে ১০ দিনীয়া উন্নীতকৰণ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে । উদ্বোধনী অনুষ্ঠানত সোমবাৰে নৌ সেনাৰ অধিনায়ক প্ৰবীণ কুমাৰ পোলা, অধ্যক্ষ সৈনিক বিদ্যালয়, ইষ্ট ছিয়াং জিলা, অবিনাশ খৰেল, সঞ্চালক আৰ আৰ ইউ পাছিঘাট কেম্পাছ আৰু অন্যান্য প্ৰতিনিধি আৰু প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে (Training for security personnel)।

ভাৰতত আভ্যন্তৰীণ নিৰাপত্তা আৰু আৰক্ষী বিভাগ শক্তিশালী কৰাৰ বাবে আৰ আৰ ইউৰ দৃষ্টিভংগীৰ অংশ হিচাপে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ লক্ষ্য হৈছে ব্যক্তিগত আৰু উদ্যোগিক সুৰক্ষাৰ শিক্ষাৰ বিভিন্ন দিশ প্ৰদান কৰা । প্ৰতিষ্ঠানটোৱে নিৰাপত্তাৰক্ষীসকলক টেইলাৰ মেড কাৰ্যসূচী প্ৰদান কৰিছে, য’ত পিএছএআৰা আইন, যোগাযোগ দক্ষতা, অগ্নিনিৰ্বাপক, প্ৰাথমিক চিকিৎসা, স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, নিৰাপত্তাৰক্ষী গেজেটৰ ব্যৱহাৰ, ভিৰ ব্যৱস্থাপনা, ভূমিকা আৰু দায়িত্বকে ধৰি ব্যক্তিগত আৰু উদ্যোগিক সুৰক্ষাৰ সকলো দিশ নিৰাপত্তাৰক্ষী, ড্ৰিল ইত্যাদি সামৰি লোৱা হৈছে ।

এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে নিৰাপত্তাৰক্ষীসকলক তেওঁলোকৰ দক্ষতা শক্তিশালী কৰাত সহায় কৰিব আৰু কৰ্তব্যৰ সময়ত ইয়াৰ অনুশীলন কৰিব ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ পাছিঘাট কেম্পাছে অৰুণাচল প্ৰদেশৰ ১৬ জন আৰক্ষী বিষয়াক চীনা ভাষা অৰ্থাৎ মেণ্ডেৰিন ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে । যাৰ দ্বাৰা ভাৰত-চীন সীমান্তত শত্ৰু-সৈন্যৰ ভাৱ-ভাষা বুজি পোৱাত তেওঁলোকৰ সহায় হ’ব ৷

লগতে পঢ়ক: Face off between Indo-China Army: টাৱাঙত ভাৰত-চীন সেনাৰ মাজত তিনিদিন ধৰি সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.