দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িওৱা বাহন; আহত শিক্ষাৰ্থীৰ লগতে চালক - JATIYA VIDYALAYA TITABoR

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 2:30 PM IST

thumbnail

যোৰহাট, 2 এপ্ৰিল: অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী কঢ়িয়াই অনা বাহন সোমাল কাচজান দলঙৰ সমীপৰ দ’ খাৱৈত । তিতাবৰত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটো । ঘটনাৰ বিৱৰণী অনুসৰি তিতাবৰ অসম জাতীয় বিদ্যালয়ত অধ্যয়নৰত 12 গৰাকী শিক্ষাৰ্থীক তিতাবৰ চেঙেলী চুকৰ পৰা নিজ শিক্ষানুষ্ঠানলৈ প্ৰত্যেক দিনাৰ দৰে মঙলবাৰেও AS03 AC 7985 নম্বৰ টেম্প’খনৰ জৰিয়তে লৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন তিতাবৰৰ কাচজান দলঙৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে ।

এই দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় চালকসহ শিক্ষাৰ্থীসকল । আহত আটাইকেইগৰাকী শিক্ষাৰ্থীক তিতাবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে, শিক্ষাৰ্থী কঢ়িয়াই অনা টেম্প’খন দ’ খাৱৈত বাগৰি পৰাৰ খবৰ বিয়পি পৰাৰ লগে অসম জাতীয় বিদ্যালয় চৌহদত আৰু অভিভাৱকসকলৰ মাজত সৃষ্টি হয় হুৱাদুৱা পৰিৱেশৰ । 

গুৰুতৰভাবে আঘাতপ্ৰাপ্ত এগৰাকী শিক্ষাৰ্থীক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: দ’ খাৱৈত বাগৰিল টাইলছ ভৰ্তি বৃহৎ ট্ৰাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.