দ’ খাৱৈত বাগৰিল টাইলছ ভৰ্তি বৃহৎ ট্ৰাক - দুৰ্ঘটনা

🎬 Watch Now: Feature Video

thumbnail
দ’ খাৱৈত বাগৰিল টাইলছ ভৰ্তি বৃহৎ ট্ৰাক (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 2:23 PM IST

1 Min Read
Choose ETV Bharat

নুমলীগড়, 2 ফেব্ৰুৱাৰী: শনিবাৰে পুৱতি নিশা 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়ত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নুমলীগড়ৰ পংকা চাৰিআলিৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো ৷ গুজৰাটৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এখন টাইলছ কঢ়িওৱা ট্ৰাক দুৰ্ঘটনাত পতিত হয় ৷ ট্ৰাকখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে বুলি জানিব পৰা গৈছে ৷ 

UP-22AT-2315 নম্বৰৰ 18 চকীয়া ট্ৰাকখনে ৰাষ্ট্ৰীয় ঘাইপথত থকা এটা ওখ গড়া অতিক্ৰম কৰাত ব্যৰ্থ হোৱাৰ ফলতে পথৰ কাষৰ দ’ খাৱৈত ট্ৰাকখন বাগৰি পৰে ৷ দুৰ্ঘটনাটোত চালক আৰু হেণ্ডিমেনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ দুৰ্ঘটনাস্থলীত লগে লগেই নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হয় আৰু চালক হেণ্ডিমেনক নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি কৰে ৷ ট্ৰাকখনৰ উদ্ধাৰ অভিযান অব্যাহত আছে ৷

দুৰ্ঘটনাত কেইবালাখ টকাৰ টাইলছ নষ্ট হোৱাৰ আশংকা কৰা হৈছে  ৷

লগতে পঢ়ক:  কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ পথ দুৰ্ঘটনা, আহত তিনিজন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details