ডুমডুমাত বীৰ লাচিত সেনাৰ 'কা' বিৰোধী প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 8:31 PM IST

thumbnail

তিনিচুকীয়া, 9 মাৰ্চ : ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ বিভিন্ন দল-সংগঠনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ সময়তেই তিনিচুকীয়া জিলাৰ ডুমডুমাত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ ৷ 'কা' বাতিলৰ দাবীত ক'লা পতাকা প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই ৷ প্ৰতিবাদকাৰীসকলে ক'লা পতাকা প্ৰদৰ্শনৰ সময়ত বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ ফলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ 

বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত ডুমডুমা নগৰৰ মাজমজিয়াত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীত বীৰ লাচিত সেনাৰ সদস্যসকলে 'কা’ আমি নামানো, নৰেন্দ্ৰ মোদী হুচিয়াৰ, নৰেন্দ্ৰ মোদী গ' বেক, বিজেপি গ' বেক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক : আদৰ্শ চিকিৎসালয়ত পৰ্যাপ্ত সুবিধাৰ দাবীত বৰডুমচা পেঙেৰী ঘাইপথ অৱৰোধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.