আদৰ্শ চিকিৎসালয়ত পৰ্যাপ্ত সুবিধাৰ দাবীত বৰডুমচা পেঙেৰী ঘাইপথ অৱৰোধ - ajm protest for facilities
🎬 Watch Now: Feature Video

Published : March 9, 2024 at 8:05 PM IST
তিনিচুকীয়া, ৯ মাৰ্চ: ৰাজ্য চৰকাৰে আদৰ্শ চিকিৎসালয় স্বীকৃতিৰ নামত কোনো কোনো অঞ্চলত কেৱল যে ফুলদানীহে প্ৰদান কৰিছে সেই কথা এতিয়া প্ৰমানিত হৈছে ৰাজ্যৰ একাংশ চিকিৎসালয়ত ৷ আদৰ্শ চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা কঠালগুৰী আদৰ্শ চিকিৎসালয়খনত পৰ্যাপ্ত সুবিধাৰ পৰা ৰোগী বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ ৷ কঠালগুৰী আদৰ্শ চিকিৎসালয়খনত পৰ্যাপ্ত সুবিধা প্ৰদানৰ দাবীত আজি বৰডুমচা পেঙেৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰিছে বিভিন্ন দল -সংগঠনে ৷
অসমীয়া যুৱ মঞ্চৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰডুমচা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে সংগঠন কেইটাই কঠালগুৰী আদৰ্শ চিকিৎসালয়খনত প্ৰৰ্যাপ্ত পৰিমানৰ ঔষধ যোগানকে ধৰি ৰোগীৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদানৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে ৷
বিভিন্ন সময়ত চিকিৎসালয়খনত ৰোগী সকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ অহাৰ অভিযোগ উঠিছে ৷ চিকিৎসালয়খনত চিকিৎসক, নাৰ্ছৰ বিশেষ প্ৰয়োজন যদিও স্বাস্থ্য বিভাগে কোনো কাণষাৰ নিদিয়াত এতিয়া এনেদৰে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন ৷