বাতিল হ'ল বটদ্ৰৱাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 9:39 PM IST

thumbnail

নগাঁও, 13 মাৰ্চ : বটদ্ৰৱালৈ নাহে গৃহমন্ত্ৰী অমিত শ্বাহ ৷ 15 মাৰ্চ শুকুৰবাৰে নগাঁৱৰ বটদ্ৰৱাত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠান ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত 188 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কামৰ শুভ উদ্বোধন কৰাৰ কথা আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অনুষ্ঠানৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছিল বটদ্ৰৱা থানত ৷ প্ৰথমে 14 মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল অমিত শ্বাহৰ অনুষ্ঠান ৷ পৰৱৰ্তী সময়ত 14 মাৰ্চৰ পৰিৱৰ্তে 15 মাৰ্চত অমিত শ্বাহৰ উপস্থিতিত বটদ্ৰৱা প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল যদিও বুধবাৰে সন্ধিয়া বাতিল কৰা হয় অমিত শ্বাহৰ অনুষ্ঠান ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অনুষ্ঠান বাতিল হোৱাৰ বিষয়ে নৰুৱা সত্ৰৰ সত্ৰাধিকাৰক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰিছে বুলি জনাইছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক টিকেন্দ্ৰজিৎ গোস্বামীয়ে ৷

লগতে পঢ়ক : নিৰ্বাচনী ৰণডংকা বজাবলৈ অসমলৈ ৰাজনাথ সিং-অমিত শ্বাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.