ETV Bharat / politics

নিৰ্বাচনী ৰণডংকা বজাবলৈ অসমলৈ ৰাজনাথ সিং-অমিত শ্বাহ

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 4:08 PM IST

Rajnath Singh Assam Visit
Amit Shah Assam Visit

Lok Sabha Election 2024: ১৪ মাৰ্চত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ১৫ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব অসমলৈ ৷ একেলেথাৰিয়ে দুদিন বিজেপিৰ ৰাষ্ট্ৰীয় নেতাই বজাব নিৰ্বাচনী ৰণডংকা ৷

গুৱাহাটী, ১৩ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমলৈ আগমন হৈছে এজনৰ পিচত আনজন কেন্দ্ৰীয় মন্ত্ৰীৰ । বিৰোধী দলসমূহে প্ৰাৰ্থী তালিকা ঘোষণা কৰি থকাৰ সময়তে ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিছে ।

নিৰ্বাচনমুখৰ পৰিৱেশৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণৰ পিচতে অসমলৈ আহিব বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । ১৪ মাৰ্চত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । তাৰ এদিন পিচতে অৰ্থাৎ ১৫ মাৰ্চত অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

উল্লেখ্য যে অহা বৃহস্পতিবাৰে নিৰ্বাচনকেন্দ্ৰিক দলীয় অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে অসমলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।‌ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমষ্টি বৰপেটা আৰু কোকৰাঝাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৰপেটা আৰু কোকৰাঝাৰত দুখনকৈ সভাত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ বৰপেটা আৰু কোকৰাঝাৰত পূৰ্ণ প্ৰস্তুতি চলাইছে বিজেপি আৰু মিত্ৰজোঁটৰ কৰ্মীসকলে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে‌ গুৱাহাটীত বিশেষ বিমানেৰে উপস্থিত হৈ হেলিকপ্তাৰেৰে পোনে পোনে কোকৰাঝাৰলৈ যাব । কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত দলীয় কাৰ্যকৰ্তাৰ লগত নিৰ্বাচনী দলীয় কৰ্মশালাত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে । তাৰ পিচত তেওঁ হেলিকপ্তাৰেৰে পোনে পোনে কোকৰাঝাৰৰ পৰা বৰপেটালৈ যাব ।

প্ৰথমে বৰপেটা সত্ৰলৈ যাব ৰাজনাথ সিং । তাৰ পিচত তেওঁ বৰপেটা পৌৰসভাৰ খেলপথাৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী ৰণডংকা বজাব ।‌ দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে উক্ত জনসভাত ১ লাখ লোকৰ সমাগম কৰা‌ হ’ব । ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাত আটকধুনীয়াকৈ নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পটো অহা ১৫ মাৰ্চত দেশৰ গৃহমন্ত্ৰী শ্বাহে আনুষ্ঠানিকভাৱে মুকলি কৰিব । তাৰ পিচত তেওঁ হোজাইত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি ৰণডংকা বজাব ।

উল্লেখ্য যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগেলগে অসমৰ প্ৰতিখন জিলাতে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ষ্টাৰ কেম্পেনাৰসকলে বিশাল জনসভা সম্বোধন কৰি নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক: জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভাৰ্চুৱেলী শিলান্যাস প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.