যত কংগ্ৰেছৰ প্ৰাৰ্থী অতি দুৰ্বল তাতহে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো : ৰিপুন বৰা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 9:34 PM IST

thumbnail

বৰপেটা, 12 এপ্ৰিল : "য’ত কংগ্ৰেছৰ প্ৰাৰ্থী অতি দুৰ্বল তাতহে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো ৷ যদিও অসমত আমাৰ এলায়েন্স নাই তথাপিও আমি বিজেপিক উৎখাত কৰাৰ বাবে চাৰিটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো ৷" আজি বৰপেটাৰ হাউলীত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি এই মন্তব্য কৰে দলটোৰ সভাপতি ৰিপুন বৰাই ৷

শুকুৰবাৰে সন্ধিয়া বৰপেটা জিলাৰ হাউলীৰ ইটাভিতাত তৃণমূল কগ্ৰেছৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় ৷ এই অনুষ্ঠানত বৰপেটা লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আবুল কালাম আজাদৰ লগতে দলৰ 5 খন জিলাৰ সভাপতিসকল উপস্থিত থাকে ৷ কাৰ্যালয় মুকলি অনুস্থানত উপস্থিত থাকি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, ৰাইজে বিজেপি দলৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু তৃণমূল দলক আঁকোৱালি লৈছে ৷ অসম আৰু পশ্চিমবংগত বিজেপিক প্ৰতিৰোধ কৰিব পাৰিব কেৱল তৃণমুল কংগ্ৰেছ দলেহে ৷ লগতে "নৰেন্দ্ৰ মোদীৰ গেৰাণ্টি জিৰো ৱাৰেন্টি, বিজেপিৰ গেৰাণ্টি জিৰো ৱাৰেন্টি" বুলিও মন্তব্য কৰে তেওঁ ৷  

লগতে পঢ়ক :  মাকুমত বিশাল নিৰ্বাচনী প্ৰচাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ - LOK Sabha ELECTION 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.