ETV Bharat / politics

মাকুমত বিশাল নিৰ্বাচনী প্ৰচাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ - LOK Sabha ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 7:49 PM IST

Updated : Apr 12, 2024, 8:29 PM IST

LOK Sabha ELECTION 2024
পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

তিনিচুকীয়াৰ মাকুম বালিজান খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ চলায় তেওঁ ৷

আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

তিনিচুকীয়া, 12 এপ্ৰিল : শুকুৰবাৰে অসমত নিৰ্বাচনী প্ৰচাৰ চলালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ তিনিচুকীয়াৰ মাকুম বালিজান খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীজনে ৷ হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক জোৰদাৰ সমালোচনা কৰি আপৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভগৱন্ত মানে কয় যে, অসমত আপৰ চৰকাৰ আহিলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 450 টকালৈ বৃদ্ধি কৰা হ’ব ৷ দীৰ্ঘদিনৰ পৰা প্ৰতাৰণা কৰি অহা ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হ’ব ৷ এইবাৰ যদি লোকসভাত মনোজ ধানোৱাৰে জয়লাভ কৰে তেন্তে 2026 ত অসমত আপৰ চৰকাৰ হোৱাটো নিশ্চিত ৷ আপৰ ঝাৰুয়ে সকলো আৱৰ্জনা চাফা কৰি দিব বুলি কয় তেওঁ ৷

ইফালে দিল্লী, পঞ্জাৱত বিনামূলীয়া বিজুলী, বিনামূলীয়া স্বাস্থ্য সেৱাৰ লগতে চৰকাৰী বিদ্যালয়ৰ যি উন্নত মান সেয়া অসমতো গঢ়ি তোলা হ’ব বুলি কয় মুখ্যমন্ত্ৰীজনে ৷ অসমত এতিয়া মুখ্যমন্ত্ৰীৰ নিজৰেই যদি ব্যক্তিগত বিদ্যালয় থাকে তেন্তে ক’ত চৰকাৰী বিদ্যালয়ৰ মান উন্নত কৰিব বুলি ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, যদি হিমন্ত বিশ্ব শৰ্মাই ইচ্ছা কৰিলেহেতেন, 15-20 বছৰৰ আগতেই অসমৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ বহু উন্নতি কৰিব পাৰিলেহেতেন ৷ কিয়নো কংগ্ৰেছ চৰকাৰৰ দিনত তেখেত শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত আছিল ৷ আজিৰ সভাত আম আদমী পাৰ্টি অসমৰ সভাপতি ভৱেন চৌধুৰী, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাৰ লগতে ভালেসংখ্যক দলীয় কৰ্মকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়ক : চাবুৱাত সৰ্বানন্দ সোণোৱালে ৭০-৭৫ হাজাৰ ভোট লাভ কৰিব :মুখ্যমন্ত্ৰী - Lok Sabha Elections 2024

Last Updated :Apr 12, 2024, 8:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.