হাফলঙত তিনিদিনীয়াকৈ অসম ব'হাগী মেলা আৰম্ভ - Assam Bohagi Mela

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 8:15 PM IST

thumbnail

হাফলং,১০ এপ্ৰিল: অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাৰ সদৰ হাফলং চহৰত তিনি দিনীয়াকৈ আৰম্ভ হৈছে অসম ব'হাগী মেলা । Assam State Livelihoods Mission ৰ উদ্যোগত বুধবাৰৰ পৰা আৰম্ভ হৈছে অসম ব'হাগী মেলা । হাফলং টাউন কমিটিৰ পথাৰত অসম ব'হাগী মেলাৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপুয়ে । এই মেলাত ডিমা হাছাও জিলাৰ মহিলা SAEG সকলৰ ষ্টল খোলা হৈছে আৰু এই মেলাত মহিলাসকলে নিজৰ ঘৰতে নিৰ্মাণ কৰা সামগ্ৰীসমূহ বিক্ৰী কৰা হ'ব । বিগত তিনি বছৰ ধৰি হাফলঙত অনুষ্ঠিত হৈ আহিছে এই মেলা । 

Assam State Livelihood Mission ৰ এগৰাকী মহিলা বিষয়াই জানিবলৈ দিয়া অনুসৰি বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হয় এই মেলা । যাক অসম ব'হাগী মেলা আৰু শাৰদীয় মেলা বুলি জনা যায় । তেওঁ লগতে কয় যে এই মেলাত বিভিন্ন আত্মসহায়ক গোটসমূহে অংশগ্ৰহণ কৰে । আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ ঘৰতে তৈয়াৰ কৰা সামগ্ৰী বিক্ৰী কৰিবলৈ বজাৰ নাপায় । যাৰ বাবে এই মেলা আত্মসহায়ক গোটৰ মহিলাসকলৰ ৰোজগাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায়ক হয় বুলি তেওঁ মন্তব্য কৰে । যোৱাটো বছৰত অসম ব'হাগী মেলাত ৪ লাখ ৩০ হাজাৰ টকা বিক্ৰী হৈছিল আৰু এইবাৰ ৫ লাখৰ অধিক সামগ্ৰী বিক্ৰী কৰা লক্ষ্য় লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: কংক্ৰিটৰ মহানগৰীতো পাব পাৰে থলুৱা খাদ্যৰ সোৱাদ - Indigenous Food In Thalgiri

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.