সন্ধিয়া সৰুপথাৰৰ ৰাজপথত জ্বলিল মনোজ কুমাৰ গোস্বামীৰ পুত্তলিকা

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:08 PM IST

thumbnail

সৰুপথাৰ, ১ মাৰ্চ : ধনশিৰি মহকুমাৰ সৰুপথাৰত শুকুৰবাৰে সন্ধিয়া টাই আহোম যুৱ পৰিষদ ধনশিৰি মহকুমা সমিতিৰ উত্তাল প্ৰতিবাদ । জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ পুত্তলিকা দাহ কৰি সৰুপথাৰ নগৰৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে ।

উল্লেখ্য যে, ফেচবুকত আহোম ৰজাৰ শাসনক লৈ পোষ্ট কৰি এতিয়া ৰোষত পৰিছে সাংবাদিকগৰাকী । অসমৰ কেবা ঠাইতো তেওঁৰ বিৰুদ্ধে প্ৰতিবাদমুখী হৈ পৰিছে টাই আহোম যুৱ পৰিষদ । সমান্তৰালকৈ টাই আহোম যুৱ পৰিষদ ধনশিৰি মহকুমা সমিতিয়ে সাংবাদিকগৰাকীয়ে ক্ষমা খোজাৰ দাবী তুলিছে ৷ মুখ্যমন্ত্ৰীৰ ওচৰত তেখেতৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে । প্ৰতিবাদকাৰীয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীক হালধীয়া সাংবাদিক আখ্যা দি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । 

অসমত ছশ বছৰ ৰাজত্ব কৰা আহোম জনগোষ্ঠীটোক লৈ এনে অপমান সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে টাই আহোম যুৱ পৰিষদে ।

লগতে পঢ়ক : সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ জুমুঠি দাহ কৰি টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.